১৫ বছৰীয়া পুত্ৰই হত্যা কৰিলে পিতৃ – মাতৃক

ডিজিটেল ডেস্ক : এহাল পিতৃ – মাতৃক এইবাৰ হত্যা কৰিলে নিজ পুত্ৰই । ১৫ বছৰীয়া এজন ল’ৰাই নিজ পিতৃ আৰু মাতৃক হত্যা কৰা বুলি মানুহক অৱগত কৰা পাছতেই গ্ৰেপ্তাৰ হয় উক্ত ঘাতক পুত্ৰজন। এই ঘটনাটো সংঘটিত হৈছে ৰাজস্থানৰ হনুমানগড়ত।

ধৃত ল’ৰাজনে স্বীকাৰোক্তি কৰিছে যে, পিতৃ – মাতৃ শুই থকা অৱস্থাতে হত্যা কৰিছে তেওঁ। আনহাতে, আৰক্ষীৰ অনুসন্ধানত এক তথ্য প্ৰকাশ পাইছে যে, ঘাতক ল’ৰাজন ড্ৰাগছ আসক্ত আছিল। আৰু কিছু দিনৰ পূৰ্বে তেওঁ ড্ৰাগছ দি- এডিকচন চেণ্টাৰৰ পৰা ঘৰলৈ আহিছিল। আৰক্ষীয়ে মন্তব্য কৰিছে যে, উক্ত ল’ৰাজনে পুনৰ ড্ৰাগছ দি-এদিকচন চেন্টাৰলৈ যাব লগা হ’ব পাৰে বুলি জানিয়েই নিজ পিতৃ – মাতৃক হত্যা কৰিলে।

CrimeDaNewsPlusRajasthan
Comments (0)
Add Comment