ধনেশ পক্ষীৰ বাসস্থান হিচাপে খ্যাত অসমৰ দুখন গাওঁ

ডিজিটেল ডেস্কঃ ডিমৌৰ সমীপৰ বৰভোঁই চেতিয়া গাওঁ আৰু টেপৰচালিবাম নামৰ দুয়োখন গাঁও এতিয়া হৈ পৰিছে দুষ্প্ৰাপ্যপ্রায় ধনেশ পক্ষীৰ মুক্ত বিচৰণ স্থলী। গাঁওবাসীয়েও পৰিয়ালৰে এজন সদস্য বুলি ভাবিবলৈ লৈছে এই ধনেশ পক্ষী সমূহক। গাঁওবাসীয়ে ধনেশ পক্ষী সমূহৰ খাদ্যৰো ব্যৱস্থা কৰি দিয়ে প্ৰতি মূহুৰ্ত্ততে।

বন্ধুত্বপূৰ্ণ সম্পৰ্কও গঢ়ি উঠিছে গাঁওবাসীৰ সৈতে দুষ্প্ৰাপ্যপ্ৰায় ধনেশ পক্ষী জাকৰ। যাৰ বাবে এতিয়া ধনেশ পক্ষীৰ স্থায়ী ঠিকনা হৈ পৰিছে এই গাওঁ দুখন। গাঁৱৰ শিশুৰ পৰা বৃদ্ধ জনলৈ প্ৰত্যেকেই সজাগ আৰু সচেতন এই ধনেশ পক্ষী সমূহৰ লালন-পালন কৰাত। কোনো ধনেশ পক্ষী আঘাতপ্ৰাপ্ত হ’লে সেইবোৰ ধৰি আনি পৰিচৰ্যা কৰাত ব্যস্ত হৈ পৰে গাঁওবাসী।

ইফালে গাঁঠিৰ ধন ভাঙি প্রকৃতি প্ৰেমী ভৰত বৰাই পক্ষী সমূহক বিগত ২৫ বছৰে চিকিৎসা প্ৰদান কৰি আহিছে যদিও চৰকাৰী ভাবে কোনো সাহায্য লাভ কৰা নাই। এতিয়া প্ৰকৃতিপ্ৰেমী ভৰত বৰাই অসুস্থ পক্ষী সমূহক ৰখাৰ উপৰি চিকিৎসা প্ৰদান কৰিবলৈ সুবিধা হোৱাকৈ এটি গৃহ নিৰ্মাণ কৰি দিবলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ অনুৰোধ জনাইছে।

ইতিমধ্যে প্ৰয়াত ডঃ হোমেন বৰগোহাঁঞিয়ে গাওঁ দুখন পৰিদৰ্শন কৰি ধনেশ পক্ষী সংৰক্ষণৰ বাবে গাওঁ দুখনক সেউজ বঁটা প্ৰদান কৰিছে। টেপচালিবাম আৰু বৰভোঁই চেতিয়া গাওঁ এতিয়া সমগ্ৰ ৰাজ্যতে চিনাকি হৈ পৰিছে ধনেশ পক্ষী গাওঁ হিচাপে।

DA News PlusHORNBILL
Comments (0)
Add Comment