খং উঠিছে বিধায়ক শ্বেৰমান আলীৰ

ডিজিটেল ডেস্কঃ খং উঠিছে বিধায়ক শ্বেৰমান আলীৰ
দলীয় নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ
কলাক্ষেত্ৰত কংগ্ৰেছৰ প্ৰশিক্ষণ
দিছ্পুৰত শ্বেৰমানৰ বিস্ফোৰণ

প্ৰচণ্ড ক্ষোভত ফাটিফুটি পৰিছে । দলীয় নেতৃত্বৰ বিৰুদ্ধে বিধায়ক গৰাকীৰ মুখেৰে নিগৰিছে তীব্ৰ বাক্যবান।

চলি আছে কংগ্ৰেছৰ প্ৰশিক্ষণ।উপস্থিত আছে AICC ৰ কেইবাগৰাকীও শীৰ্ষ নেতা। আৰু আনফালে অসম বিধানসভা চৌহদতকংগ্ৰেছ বিধায়ক শ্বেৰমান।

কিন্তু প্ৰশ্ন হয়
নেতৃত্বৰ বিৰুদ্ধে সৰৱ কিয় শ্বেৰমান
কোন দুই নেতাই ভংগ কৰিছে প্ৰটকল

বিগত অসম বিধানসভা বাজেট অধিবেশনত বিধায়ক শ্বেৰমান আলীয়ে সদনলৈ আনিছিল

জনসংখ্যা নিয়ন্ত্ৰণ শীৰ্ষক private member bill

সদন বিল খন উত্থাপন হোৱাৰ পাছত বিধায়ক শ্বেৰমান আলীক প্ৰশংসা কৰিছিল স্বয়ং মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ বিপৰীতে বিলখন সদনত উত্থাপন কৰাৰ বাবে দলৰ ৰোষত পৰিছিল বিধায়ক শ্বেৰমান। অকল এয়াই নহয় বিধায়ক শ্বেৰমান আলীয়ে বিধয়িনী দলত আলোচনা নকৰাকৈ একক ভাবে এই কাম কৰা বুলি অভিযোগেৰে AICC নেতৃত্বক অভিযোগ দাখিল কৰিছিল বিধায়িনী দলৰ দুই সংখ্যালঘু নেতাই। যাৰ বিৰুদ্ধে এতিয়া মুখ খুলিছে বিধায়ক শ্বেৰমানে, অকল এয়াই নহয়,কোনো বিধায়িনী সদস্যৰ কিবা ভুল হলে সেই কথা বিধয়িনী দলত আলোচনা নকৰি AICC লৈ লৈ যোৱাটো দলৰ প্ৰটকল ভংগ হোৱা বুলি দাবী কৰি ইয়াৰ উচিত বিচাৰ কৰাৰ বাবে AICC পৰ্যবেক্ষক জিতেন্দ্ৰ সিঙক আহ্বান বিধাকগৰাকীৰ

মোৰ সমষ্টিৰ 99%ভোটাৰ মুছলমান
তথাপিও বিধেয়ক উত্থাপন কৰিছো
বিৰোধিতা কৰাসকলৰ মূৰত গোবৰ আছে

কাৰাগাৰৰ পৰা মুকলি হৈ এইদৰে নেতৃত্বৰ বিৰুদ্ধে সৰাব হৈছে বিধায়ক শ্বেৰমান। এতিয়া এই ক্ষোভিত শ্বেৰমান শান্ত কৰিবলৈ সক্ষম হবনে দলীয় নেতৃত্ব।সেয়া সময়ত স্পষ্ট হব।

DA News PlusSherman Ali
Comments (0)
Add Comment