লণ্ডনৰ পৰা অসমলৈ অহা মহিলাৰ দেহত ক’ভিড

ডিজিটেল ডেস্ক: লণ্ডনৰ পৰা অহা এগৰাকী মহিলাৰ দেহত ধৰা পৰিছে ক’ভিড। বুধবাৰে লণ্ডনৰ পৰা অহা মহিলাগৰাকীৰ কভিড পৰীক্ষা কৰোৱা হৈছিল বৰঝাৰ বিমান বন্দৰত। ইতিমধ্যে, অ’মিক্ৰণ ভাইৰাছৰ পৰীক্ষাৰ বাবে কলকাতালৈ পঠোৱা হৈছে নমুনা।

৮ তাৰিখে নিশা বিমান বন্দৰৰ পৰা GMCH লৈ অনা হয় ক’ভিড পজিটিভ মহিলাগৰাকীক। মহিলাগৰাকী লণ্ডনৰ পৰা অমৃতসৰ, পাটনা আৰু তাৰ পিছত আহিছিল অসমলৈ। আজি সন্ধিয়ালৈ আহি পাব অ’মিক্ৰন পৰীক্ষাৰ ৰিপ’ৰ্ট ।

উল্লেখ্য যে, অ’মিক্ৰণৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি দেশত পুনৰ বন্ধ কৰা হৈছে আন্তৰাষ্ট্ৰীয় বিমান চলাচল। ক’ভিডৰ নতুন ভেৰিয়েন্ট অ’মিক্ৰণক লৈ জাৰি কৰিছে এই নিৰ্দেশনা। কেন্দ্ৰীয় চৰকাৰৰ এই নিৰ্দেশনা ২০২২ চনৰ ৩১ জানুৱাৰীলৈকে বাহাল থাকিব।

#Assam#Covid#DA_News_Plus#Guwahati
Comments (0)
Add Comment