বিজেপি বিধায়ক ইন্দ্ৰ প্ৰতাপৰ বিধানসভা সদস্যপদ বাতিল

ডিজিটেল ডেস্ক: অযোধ্যাৰ গোঁসাইগঞ্জ সমষ্টিৰ বিজেপি বিধায়ক ইন্দ্ৰ প্ৰতাপ ওৰফে খাবু তিৱাৰীক মহাবিদ্যালয়ত নামভৰ্তিৰ বাবে ভুৱা মাৰ্কশ্বিট ব্যৱহাৰ কৰাৰ দোষত বিশেষ আদালতে দোষী সাব্যস্ত কৰে। ইয়াৰ পিছতে উত্তৰ প্ৰদেশ বিধানসভাৰ পৰা বিধায়কজনৰ সদস্যপদ বাতিল কৰা হয়।

বিশেষ আদালতে বিধায়কজনক পাঁচ বছৰৰ কাৰদণ্ড বিহিছে। উত্তৰ প্ৰদেশ বিধানসভাৰ প্ৰধান সচিবে জাৰি কৰা এক জাননী অনুসৰি খাবু তিৱাৰীৰ সদস্যপদ ১৮ অক্টোবৰৰ পৰা বাতিল হ’ব বুলি বিবেচনা কৰা হয়। তেওঁ ২০১৭ চনত বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল।

#Ayodhya#DA_News_Plus#UP
Comments (0)
Add Comment