এইবাৰ অ’মিক্ৰণৰ নতুন অৱতাৰ

ডিজিটেল ডেস্ক : অ’মিক্ৰণক ক’ভিডৰ এক নতুন ভ্যেৰিয়েন্ট বুলি ইতিমধ্যে বিশ্বজুৰি চিকিৎসা বিজ্ঞানীসকলে স্বীকৃতি দিছে। কিন্তু এইবাৰ অ’মিক্ৰণ ভ্যেৰিয়েন্টৰো এক নতুন সংস্কৰণ ধৰা পৰিছে অষ্ট্ৰেলিয়াত।

উল্লেখনীয় যে, দক্ষিণ আফ্ৰিকাৰ পৰা অষ্ট্ৰেলিয়াৰ কুইনছলেণ্ডলৈ অহা এজন লোকৰ দেহত ধৰা পৰিছে অ’মিক্ৰণ ভ্যেৰিয়েন্টৰ এক নতুন সংস্কৰণ। কুইনছলেণ্ডৰ স্বাস্থ্য আৰু এম্বুলেন্স সেৱা মন্ত্ৰী Yvette D’ath- এ ঘোষণা কৰে যে, অ’মিক্ৰণৰ এক নতুন সংস্কৰণ পোৱা গৈছে আৰু পৃথিৱীৰ ভিতৰত অষ্ট্ৰেলিয়াতে প্ৰথম এই নতুন সংস্কৰণৰ ঘটনা ধৰা পৰিছে বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।

CovidDaNewsPlusHealthNewVersionOmicron
Comments (0)
Add Comment