কিমান স্মাৰ্ট গুৱাহাটী মহানগৰ ?

ডিজিটেল ডেস্ক:
স্মাৰ্ট চিটি গুৱাহাটী মহানগৰী
স্মাৰ্ট চিটি গুৱাহাটীত এতিয়া শংকিত মহানগৰবাসী।
ভয় শংকাৰ মাজত দিন কটাইছে নাগৰিকে
কিন্তু কিয় ?

হয়! এটাৰ পিছত আন এটা অপৰাধৰ ঘটনা গুৱাহাটীত হয় গুৱাহাটীত।কিন্তু এতিয়া অপৰাধ ৰোধৰ বাবে ৰাজ্যচৰকাৰৰ স্মাৰ্ট চিটিৰ প্ৰকল্পৰ ফোঁপোলা স্বৰূপহে দেখা পোৱা যায়। মহানগৰ বাসীৰ নিৰাপত্তাৰ বাবে মহানগৰীৰ বিভিন্নস্থানত সংস্থাপন কৰা হৈছিল চিচিটিভি কেমেৰা। কিন্তু এই সমূহ চিচিটিভি কেমেৰাৰ বৰ্তমান কি অৱস্থা ?

২০১৫ চনত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মুঠ ৯৯খন চহৰক সামৰি ঘোষনা কৰিছিল অভিলাষী স্মাৰ্ট চিটি আঁচনি। তাৰ ভিতৰত আছিল গুৱাহাটী মহানগৰীও। ৯৯ খন চহৰক সকলো দিশতে স্মাৰ্ট কৰাৰ পৰিকল্পনা আছিল কেন্দ্ৰীয় চৰকাৰৰ নগৰ উন্নয়ণ মন্ত্ৰনালয়ৰ।

কিন্তু কিমান স্মাৰ্ট হ’ল গুৱাহাটী ?
এই সমূহ চিচি টিভি কেমেৰাই তাৰ প্ৰমান।

মহানগৰীত জনসংখ্যাৰ পৰিৱৰ্তে চিচি টিভি কেমেৰা সংস্থাপন কৰাৰ বিপৰীতে আছে লেখত লবলগীয়া চিচি টিভি কেমেৰা। থকা কেইটাৰো অবস্থা তথৈবছ। কেৱল মাত্ৰ ৰাজপথত থকা বিভিন্ন ইলেক্ট্ৰিকৰ পো’ষ্ট, উৰণীয়া সেতুৰ পকী খুটাত সজাই থোৱা হৈছে এই চিচি টিভি কেমেৰাৰ। বছৰ বছৰ ধৰি এনেদৰেই বিকল হৈ থকাৰ পিছতো আজিকোপটি গা-লৰা নাই বিভাগীয় কৰ্তৃপক্ষৰ। ৰাজ্য চৰকাৰৰ এনে গা এৰা স্বভাৱৰ বাবেই এতিয়া বিনিদ্ৰ ৰজনী কটাইছে মহানগৰবাসীয়ে।

#Assam#DA_News_Plus#Guwahati
Comments (0)
Add Comment