উদ্বেগজনক! ১৫ দিনৰ পাছতো পুনৰ ক’ভিড পজিটিভ অ’মিক্ৰণত আক্ৰান্ত চিকিৎসক

ডিজিটেল ডেস্ক : ভাৰতত পোনপ্ৰথমে অ’মিক্ৰন ভ্যেৰিয়েণ্ট ধৰা পৰিছিল ২২ নৱেম্বৰ তাৰিখে। বেংগালুৰুত দুজন ব্যক্তিৰ দেহত ধৰা পৰিছিল অ’মিক্রণৰ উপস্থিতি। তাৰে ভিতৰত এজন আছিল ৪৬ বছৰীয়া চিকিৎসক।

অতিকে উদ্বেগজনক যে, ভেকচিনৰ দুয়োটা দ’জ গ্ৰহণ কৰা উক্ত চিকিৎসকজন অ’মিক্ৰণ ভ্যেৰিয়েন্টৰ বশৱৰ্তী হোৱাৰ ১৫ দিন পাছত কৰা ক’ভিড পৰীক্ষাৰ ফলাফল পুনৰ পজিটিভ হিচাপে ধৰা পৰিছে।

অন্যহাতে এগৰাকী জ্যেষ্ঠ চিকিৎসকে এই সন্দৰ্ভত মন্তব্য কৰিছে যে, অ’মিক্ৰণত আক্ৰান্ত চিকিৎসকজন মধুমেহ ৰোগতো আক্ৰান্ত যাৰ বাবে তেওঁ হয়তো ১৫ দিনৰ অন্তত পুনৰ ক’ভিড পজিটিভ হিচাপে চিনাক্ত হৈছে। লগতে জ্যেষ্ঠ চিকিৎসক জনে মন্তব্য কৰে যে, এনেধৰণৰ ঘটনা দেল্টা ভ্যেৰিয়েন্ট ৰোগীৰ ক্ষেত্ৰতো দেখা পোৱা গৈছিল।

উল্লেখনীয় যে, এই পৰ্যন্ত ভাৰতত ২৩ জন ব্যক্তিৰ দেহত অ’মিক্ৰনৰ উপস্থিতি ধৰা পৰিছে। ইয়াৰে সৰ্বাধিক ১০ জন অ’মিক্ৰণ আক্ৰান্ত ৰোগী চিনাক্ত হৈছে মহাৰাষ্ট্ৰত আৰু ৯ জন চিনাক্ত হৈছে ৰাজস্থানত।

BengaluruDaNewsPlusHealthNationalOmicron_Case
Comments (0)
Add Comment