স্বনামধন্য কবি নীলমণি ফুকনলৈ ৫৬ সংখ্যক জ্ঞানপীঠ বঁটা

ডিজিটেল ডেস্ক: ৰাজ্যৰ বৌদ্ধিক জগতৰ বাবে এক সুখবৰ। কাব্যঋষি নীলমণি ফুকনলৈ প্ৰদান কৰা হৈছে ২০২১ বৰ্ষৰ জ্ঞানপীঠ বঁটা। ১৯৫০চনৰ পৰাই কবিতা লিখিবলৈ আৰম্ভ কৰা স্বনামধন্য কবিগৰাকীৰ প্ৰতিখন কবিতা পুথিয়ে পাঠকসমাজৰ মাজত যথেষ্ট সমাদৰ লাভ কৰি আহিছে।

মামণি ৰয়ছম গোস্বামী আৰু ড৹ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ পিছতে ৫৬ সংখ্যক জ্ঞানপীঠ বঁটা প্ৰদান কৰা হৈছে নীলমণি ফুকনলৈ। জীৱনজোৰা সাধনাৰ বাবেই কবিগৰাকীলৈ প্ৰদান কৰা হৈছে এই সন্মান। তেওঁৰ এই সাফল্যই ইতিমধ্যে ৰাজ্যখনৰ বিজ্ঞসমাজৰ মাজত আনন্দৰ জোৱাৰ তুলিছে।

#Assam#DA_News_Plus
Comments (0)
Add Comment