আঙুৰলতাৰ চকু এতিয়া মুখ্যমন্ত্ৰী আৰু বিধানসভাৰ অধ্যক্ষৰ আসনত

ডিজিটেল ডেস্ক : আঙুৰলতা ডেকাৰ আছে এক সপোন ৷ মুখ্যমন্ত্ৰীয়েই নহয়, বিধানসভাৰ অধ্যক্ষৰ আসনো দখল কৰক মহিলাই ৷ মঙলবাৰে ৰাজ্যিক বিজেপিৰ হেঙেৰাবাৰীস্থিত মুখ্য কাৰ্যালয়ত মহিলা মৰ্চা অসম প্ৰদেশৰ সভানেত্ৰী তথা প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাই সংবাদমেল যোগে উল্লেখ কৰে এই কথা। ৰাজ্যিক বিজেপিৰ সভাপতিৰ আসনত মহিলা নিৰ্বাচন নকৰাৰ সন্দৰ্ভত কৰা এক প্রশ্নত সভানেত্ৰী গৰাকীয়ে কয়, “মহিলাসকল সংৰক্ষণৰ ওপৰত বেছি নিৰ্ভৰশীল হৈ থাকিব নালাগে।”

ইফালে, শেহতীয়াকৈ অনুষ্ঠিত হৈ যোৱা মহিলা মৰ্চাৰ কাৰ্য নির্বাহকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগন্তুক পৌৰ নিগমৰ নিৰ্বাচনত মহিলা প্ৰাৰ্থী জয়ী হ’লে ১০ বছৰলৈ সেই আসন মহিলাৰ বাবে সংৰক্ষিত হৈ থাকিব বুলি কৰা মন্তব্যৰ বাবে ধন্যবাদ জ্ঞাপন কৰে সভানেত্ৰী গৰাকীয়ে। লগতে ২০২৬ চনৰ বিধান সভাৰ নিৰ্বাচনত ২৫ গৰাকী মহিলা প্রাৰ্থী নিৰ্বাচিত কৰাৰ যি ইচ্ছা মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিলে তাৰ বাবেও ধন্যবাদ জ্ঞাপন কৰে।

আনহাতে অহা জানুৱাৰী মাহটোক বিজেপি মহিলা মর্চাই অৰুনোদই মাহ হিচাপে পালন কৰিব বুলি আঙুৰলতা ডেকাই উল্লেখ কৰে। অৰুনোদই আঁচনিৰ সুবিধা যি সকলে লাভ কৰা নাই বিশেষকৈ তেওঁলোকৰ ওচৰলৈ যাব বুলি মন্তব্য কৰে মহিলা মৰ্চাৰ সভানেত্ৰীগৰাকীয়ে।

Angoorlata DekaAssamBJPDaNewsPlusMohilaMorcha
Comments (0)
Add Comment