১০০শতাংশ টীকাকৰণেৰে কোন ৰাজ্যই সৃষ্টি কৰিলে অভিলেখ

ডিজিটেল ডেস্ক: প্ৰাপ্তবয়স্ক লোকক ক’ভিড-১৯ৰ সম্পূৰ্ণৰূপে টিকাকৰণ কৰা প্ৰথম খন ৰাজ্য হৈছে হিমাচল প্ৰদেশ। এজন চৰকাৰী মুখপাত্ৰই সংবাদ মাধ্যমৰ আগত সদৰি কৰে যে প্ৰায় ৫৩,৮৬,৩৯৩জন প্ৰাপ্তবয়স্কক দ্বিতীয় পালি ভেকচিন প্ৰদান কৰা হৈছে।

দেওবাৰে বিলাসপুৰৰ সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানত (এইমছ) ক’ভিড-১৯ কৰ্মীসকলক সন্মান জনোৱাৰ বাবে এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়‌। উক্ত অনুষ্ঠানত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱিয়া উপস্থিত থাকে। মুখ্যমন্ত্ৰী জয় ৰাম ঠাকুৰ, কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰ আৰু ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ৰাজীৱ চাইজালেও অনুষ্ঠানটোত অংশগ্ৰহণ কৰে বুলি চৰকাৰী মুখপাত্ৰজনে মতপ্ৰকাশ কৰে।

#DA_News_Plus#HimachalPradesh#Vaccination
Comments (0)
Add Comment