অ’মিক্ৰনক ৰুধিবলৈ অসম চৰকাৰৰ নতুন SOP জাৰী

ডিজিটেল ডেস্ক : অ’মিক্ৰনক ৰুধিবৰ বাবে অসমত ৰাজ্য চৰকাৰে জাৰী কৰিছে এক নতুন SOP। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণকাৰীৰ বাবে বিশেষ ঘোষণা কৰিছে যে, নিগেটিভ হ’লেও ৭ দিনৰ কোৱাৰেণ্টাইন বাধ্যতামূলক হব ভ্ৰমণকাৰীসকলৰ বাবে। বিদেশৰ পৰা অহা সকলো যাত্ৰীৰে RTPCR বাধ্যবাধক হব। এনে বিমানযাত্ৰীক নিতৌ যোগাযোগ ৰাখিব স্বাস্থ্য বিভাগে।

অসমলৈ অহা-যোৱা কৰা বিমানযাত্ৰীৰ বাবে বিশেষ নিৰ্দেশ জাৰী কৰিছে চৰকাৰে। উল্লেখ কৰিছে যে, যাত্ৰীসকলে পূৰ্বৰ ১৪ দিনৰ বিদেশ ভ্ৰমণৰ তথ্য জনাব লাগিব চৰকাৰক। ‘Air Subidha’ প’ৰ্টেলত যাত্ৰীসকলে কৰিব লাগিব স্ব-ঘোষণা।

যদিহে পূৰ্বৰ ৭২ ঘণ্টাৰ RTPCR ৰিপ’ৰ্ট উল্লেখিত পৰ্টেলত আপলোড তথা স্ব-ঘোষণা আপলোড নকৰে তেন্তে যাত্ৰাৰ অনুমতি নাপাব যাত্ৰীসকলে। বিমানত উঠাৰ পূৰ্বে ‘এয়াৰসুবিধা’ পৰ্টেলত কোৱাৰেণ্টাইনৰ স্ব-ঘোষণাও কৰিব লাগিব যাত্ৰীসকলে।

অ’মিক্ৰন সংক্ৰমিত দেশৰ পৰা অহা যাত্ৰীৰ ক্ষেত্ৰত কঠোৰতা অৱলম্বন কৰিব বুলি ঘোষণা কৰিছে চৰকাৰখনে। মন্তব্য কৰিছে যে, সতৰ্কতামূলক ব্যৱস্থাৰ লগতে মানি চলিব লাগিব বিশেষ ক’ভিড প্ৰট’কল। বিমানবন্দৰত অৱতৰণৰ পিছতে পৰীক্ষণৰ বাবে দিব লাগিব নমুনা। বিমানবন্দৰত শাৰীৰিক দূৰত্বকে ধৰি মানিব লাগিব প্ৰট’কল।

AssamAssam_GovernmentDA_News_PlusNew_SOPOmicron
Comments (0)
Add Comment