যোৰহাটৰ এগৰাকী ১২ বছৰীয়া ছাত্ৰীৰ সাফল্য,লিখি উলিয়ালে এখন ইংৰাজী উপন্যাস

ডিজিটেল ডেস্কঃগ্ৰন্থ অধ্যয়নৰ প্ৰতি নৱ প্ৰজন্মৰ গুৰুত্ব হ্ৰাসৰ অভিযোগৰ সময়তে এগৰাকী ১২ বছৰীয়া ছাত্ৰীৰ সাহিত্যচৰ্চাই সকলোকে আপ্লুত কৰি তুলিছে। শ্বিৰিণ চুলতানা নামৰ বাঘচোং ডনবস্ক স্কুলৰ সপ্তম মান শ্ৰেণীৰ ছাত্ৰীগৰাকীয়ে ষষ্ঠ শ্ৰেণীতে লিখি উলিওয়ালে”THE MYSTERY OF THE SECRET ROOM” নামৰ এখন ইংৰাজীউপন্যাস। কিন্তু ক’ভিড পৰিস্থিতিৰ বাবে এই বছৰৰ নবেম্বৰ মাহতহে প্ৰকাশিত কৰি আনুষ্ঠানিকভাৱে উন্মোচন কৰে উপন্যাস খন ।

শ্বিৰিনে কেৱল ইংৰাজীতে নহয়, অসমীয়াতো অব্যাহত ৰাখিছে সাহিত্য চৰ্চা। ভৱিষ্যতে এগৰাকী সু লেখিকা হোৱাৰ সপোন ছাত্ৰী গৰাকীৰ।

#DA_News_Plus#Jorhat#Novel#Student
Comments (0)
Add Comment