গুৱাহাটীত কেতিয়াকৈ অন্ত পৰিব চিটি বাছৰ দৌৰাত্ম্য

ডিজিটেল ডেস্ক: গুৱাহাটীত অনিয়ন্ত্ৰিত চিটি বাছ
গুৰু গোসাই নামানে চিটি বাছ চালকে
যাত্ৰী উঠোৱাৰ বাবে নিতৌ চলে অঘোষিত প্ৰতিযোগিতা
মহানগৰীৰ চিটি বাছ সেৱাৰ বাবে নিৰ্ধাৰণ কৰা হৈছিল কিছু নতুন নীতি নিয়ম৷ যানবাহন নিয়ন্ত্ৰণ শাখাই চিটি বাছ সেৱাৰ ওপৰত আৰোপ কৰা নিয়ম অনুসৰি:
১.চলন্ত চিটি বাছৰ খোলা থাকিব নোৱাৰিব দুয়োখন দুৱাৰ
২.হেণ্ডিমেন সকল ওলমি যাব নোৱাৰিব চিটি বাছৰ দুৱাৰমুখত


এই নিয়মসমূহ অমান্য কৰা বাহনসমূহৰ অনুজ্ঞাপত্ৰ বাতিল কৰাৰ কথাও ঘোষণা কৰিছিল পৰিৱহণ বিভাগে। পাছে সকলো ফুটুকাৰ ফেন৷ দুৰ্ভাগ্যজনকভাৱে মহানগৰৰ অনিয়ন্ত্ৰিত চিটিবাছৰ দৌৰাত্ম্য ৰোধ কৰাত চূড়ান্ত ভাৱে যেন ব্যৰ্থ হৈছে ৰাজ্যৰ পৰিবহন বিভাগৰ লগতে যান বাহন নিয়ন্ত্ৰণ শাখাৰ আৰক্ষী৷

পৰিবহণ বিভাগৰ ভাবুকিক কেৰেপ নকৰে চিটি বাছৰ চালকে
চিটিবাছ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত পৰিবহণ বিভাগৰ অসহায় স্বীকাৰোক্তি

মহানগৰৰ যানজঁট কমাবৰ বাবে পৰিবহণ বিভাগৰ ফালৰ পৰা কামৰূপ মহানগৰৰ প্ৰায় ২০০০ চালকক দিয়া হৈছিল প্ৰশিক্ষণ৷ নিয়ম নমনা চিটিবাছৰ ক্ষেত্ৰত বিহা হৈছিল শকত অংকৰ জৰিমনাও৷ চালকৰ অনুজ্ঞাপত্ৰও কৰ্তন কৰিছিল পৰিবহণ বিভাগে৷ কিন্তু এইবোৰৰ একোকে কেৰেপ নকৰে মহানগৰৰ চিটি বাছৰ চালকে৷ এক কথাত চিটিবাছক নিয়ন্ত্ৰণত চূড়ান্ত ব্যৰ্থ কামৰূপ মহানগৰ পৰিবহণ বিভাগI

City BusDA News PlusGuwahati
Comments (0)
Add Comment