ঘন অৰণ্যৰ ভালুকৰ মুক্ত বিচৰণ জনাঞ্চলত

ডিজিটেল ডেস্ক : ঘন অৰণ্যৰ ভালুক এতিয়া জনাঞ্চলত
খাদ্য সংকট নে সলনি হৈছে বন্যপ্ৰাণীৰ স্বভাৱ?
মানসৰ ভালুকে আতংকৰ সৃষ্টি কৰিছে বাক্সাত

এটাৰ পিছত আনটো ভালুক ওলাইছে বাক্সাৰ বিভিন্ন স্থানত৷ বিশেষভাৱে মানসৰ কাষৰীয়া অঞ্চলত মুক্ত বিচৰণ ভালুকৰ৷ মানুহকো আক্ৰমণ কৰিছে ভালুকে৷ দুদিন পূৰ্বে মুছলপুৰৰ কাষৰীয়া নাৰায়ণপুৰৰ ভোগপাৰাত পিঞ্জৰাবদ্ধ হ’ল এটা ভালুক৷ বৃহস্পতিবাৰে এজন লোকৰ ভৰিত কামুৰি চিঙি নিছিল মঙহ৷ ইয়াৰ পিছত শনিবাৰে মানসৰ পৰা ওলাই অহা আন এটা ভালুকে উপদ্ৰৱ চলালে শালবাৰীত৷ দীৰ্ঘ সময় যুঁজ-বাগৰৰ পিছত ট্ৰেংকুলাইজ কৰা হ’ল ভালুকটো৷

সততে দেখা নোপোৱা ভালুকক লৈ আতংকৰ সৃষ্টি হৈছে মানসৰ কাষৰীয়া অঞ্চলত৷ কিন্তু

কিয় ভালুকৰ মুক্ত বিচৰণ জনাঞ্চলত?
প্ৰাকৃতিক কাৰণ নে আন কিবা?

পূৰ্বৰ তুলনাত মানসৰ অৱস্থা যথেষ্ট উন্নত৷ গতিকে খাদ্য সংকটেই জনাঞ্চললৈ ভালুকৰ আগমন হোৱা বুলি একেষাৰতে কৈ দিয়া সম্ভৱ নহয়৷ তথাপিও খাদ্য সংকট অন্যতম কাৰণ হ’ব পাৰে৷ বাঘ, হাতীৰ জনাঞ্চলত বিচৰণ নতুন কথা নহয় যদিও ভালুকৰ মুক্ত বিচৰণক লৈ বিভিন্ন প্ৰশ্ন উত্থাপিত হৈছে৷ শালবাৰীৰ পৰা কৃষ্ণ সূত্ৰধৰ দা নিউজ প্লাছ৷

AssamBearDA News Plus
Comments (0)
Add Comment