সাৱধান: বিশ্বৰ ২৩খন দেশত অ’মাইক্ৰন ভেৰিয়েন্টৰ আতংক

ডিজিটেল ডেস্ক: বিশ্ব স্বাস্থ্য সংস্থাৰ (WHO) মহানিৰ্দেশক টেড্ৰোছ অধানম ঘেব্ৰেয়েচাছে বুধবাৰে কয় যে নতুন অ’মাইক্ৰন ভেৰিয়েন্ট ২৩ খন দেশত ইতিমধ্যে নিশ্চিত কৰা হৈছে আৰু এই সংক্ৰমণ ক্ৰমাৎ তীব্ৰ হোৱাৰ সম্ভাৱনা আছে।

এই ভয়াৱহ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি WHO ৰ অৱস্থিতি সম্পৰ্কত তেওঁ এনেদৰেও মন্তব্য কৰে যে: “WHO takes this development extremely seriously, and so should every country. But it should not surprise us. This is what viruses do. And it’s what this virus will continue to do, as we long as we allow it to continue spreading.”

টেড্ৰোছে কৈছে যে বিশ্ব স্বাস্থ্য সংস্থাই অ’মাইক্ৰনৰ বিষয়ে পৰীক্ষা-নিৰীক্ষা চলাই আছে, কিন্তু ৰোগীৰ দেহত ইয়াৰ প্ৰভাৱ, ৰোগৰ তীব্ৰতা আৰু ভেকছিনৰ কাৰ্যকৰীতাৰ বিষয়ে এতিয়াও নিশ্চিত তথ্য লাভ কৰা নাই।

#DA_News_Plus#Omicron#WHO
Comments (0)
Add Comment