চিন্তনীয়!ডাবল ড’জ ভেকচিন লৈয়ো চিকাৰ হ’ল অ’মিক্ৰণৰ

ডিজিটেল ডেস্ক : আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্নিয়াত প্ৰথমটো অ’মিক্ৰণ ভ্যেৰিয়েণ্ট ধৰা পৰাৰ পাছতেই বিশ্বজুৰি চিন্তিত হৈছে ভেকচিন গ্ৰহণ কৰা ব্যক্তিসকল। কিয়নো তথ্য অনুসৰি প্ৰকাশ পাইছে যে, কেলিফৰ্নিয়া যিজন ব্যক্তিৰ দেহত অ’মিক্ৰণ ভ্যেৰিয়েণ্ট ধৰা পৰিছে সেই ব্যক্তিজনে ইতিমধ্যে ক’ভিড ভেকচিনৰ দুয়োটা ড’জেই গ্ৰহণ কৰিছে।

বিশেষ কৰ্তৃপক্ষই জানিবলৈ দিয়া অনুসৰি, উক্ত ব্যক্তিজন ২২ নৱেম্বৰত দক্ষিণ আফ্ৰিকাৰ পৰা কেলিফৰ্নিয়ালৈ ঘূৰি অহা পাছতেই তেওঁৰ শৰীৰত অ’মিক্রণৰ কিছু লক্ষণ ধৰা পৰিছিল। আৰু ৭ দিনৰ পাছত ক’ভিড পৰীক্ষা কৰাত তেওঁ পজিটিভ হিচাপে চিনাক্ত হয়।

উল্লেখনীয় যে,অ’মিক্রণ ভ্যেৰিয়েণ্টৰ বশৱৰ্তী হোৱা ব্যক্তিজনে নিজকে আছুতীয়াকৈ ৰাখিছিল আৰু পূৰ্বতে তেওঁৰ সংস্পৰ্শলৈ অহা সকলো ব্যক্তি ইতিমধ্যে ক’ভিড পৰীক্ষাত নিগেটিভ হিচাপে চিনাক্ত হৈছে।

CaliforniaCovidvaccinationDaNewsPlusOmicron
Comments (0)
Add Comment