ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেলৰ মঞ্চত জিলিকি উঠিল আইমী বৰুৱা

ডিজিটেল ডেস্কঃ গোৱাত অনুষ্ঠিত ৫২ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ডিমাচা ছবি “চেমখৰ”লৈ আগবঢ়োৱা হয় ‘Special Mention’ সন্মান । কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে ছবিখনৰ প্ৰশংসা কৰি কয়, “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনজাতীয় চিন্তা আৰু সংস্কৃতিক দিশত গুৰুত্ব দিয়াৰ সময়তে অসমৰ এজন নৱাগত পৰিচালকে ডিমাচা ভাষাৰ ওপৰত পৰিচালনা কৰা চলচ্চিত্ৰখনে বিশেষ উল্লেখ সন্মান লাভ কৰাটো গৌৰৱৰ বিষয়।”

ছবিখন পৰিচালনাৰ বাবে আইমী বৰুৱাই ডিমাচা জনজাতীয় লোকসকলৰ মাজত এবছৰধৰি বাস কৰিছিল। চলচিত্ৰখন নিৰ্মাণৰ সময়ত কৰা অশেষ কষ্ট আৰু ত্যাগৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰশংসা কৰে আইমী বৰুৱাক। পৰিচালক, অভিনেত্ৰী আইমী বৰুৱাই এই সন্মান উত্তৰ-পূববাসীৰ নামত উচৰ্গা কৰে | চেমখ’ৰ নিৰ্মাণৰ সৈতে জড়িত সকলো শিল্পী আৰু লোকলৈ অভিনেত্ৰীগৰাকীয়ে কৃতজ্ঞতা জ্ঞাপন কৰে।

#Aimee_Baruah#Award#DA_News_Plus#Film_festival#International#Semkhor
Comments (0)
Add Comment