DA News Plus ৰ কাৰ্যালয়ত ‘চেমখৰ’ৰ সাফল্যৰ বাবে আইমী বৰুৱাক উষ্ম সম্বৰ্ধনা

ডিজিটেল ডেস্ক: ‘চেমখৰ’ৰ সাফল্যৰ বাবে মোহময়ী অভিনেত্ৰী, পৰিচালিকা আইমী বৰুৱাক DA News Plus ৰ পৰিয়ালৰ তৰফৰ পৰা বৃহস্পতিবাৰে জনোৱা হয়  উষ্ম সম্বৰ্ধনা। শ্বল, গামোচা, জাপি আৰু ফুলৰ থোপাৰে সম্বৰ্ধনা জনালে মুখ্য সম্পাদক প্ৰণয় বৰদলৈয়ে।

DA News Plus ৰ সম্বৰ্ধনা অনুষ্ঠানত আইমী বৰুৱাই ইণ্ডিয়ান পেন’ৰামাৰ উদ্বোধনী অনুষ্ঠানত সকলোৰে সন্মুখত ‘চেমখৰ’ৰ প্ৰদৰ্শিত হওঁতে কিদৰে আবেগিক হৈ পৰিছিল সেই কথা সদৰি কৰে।তদুপৰি অসমৰ মাটিৰ ভাষাৰ এখন ছবি এইদৰে আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উপস্থাপন কৰিবলৈ পাই তেখেত যথেষ্ট গৌৰৱান্বিত।

ডিমা হাছাওৰ অতি দুৰ্গম প্ৰান্তৰ এখন গাঁও চেমখৰ। চেমখৰক লৈ অভিনেত্ৰী আইমী বৰুৱাৰ ব্যতিক্ৰমধৰ্মী ছবি ‘চেমখৰ’। গোৱাত অনুষ্ঠিত ৫২ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ডিমাচা ছবি ‘চেমখৰ’লৈ আগবঢ়োৱা হয় ‘Special Mention’ সন্মান। ইণ্ডিয়ান পেন’ৰামাৰ উদ্বোধনী ছবি হিচাপে প্ৰদৰ্শিত হৈছিল ‘চেমখৰ’। ছবিখনৰ চিত্ৰনাট্য, পৰিচালনা, প্ৰযোজনা আইমী বৰুৱাৰ।ছবিখন পৰিচালনাৰ বাবে আইমী বৰুৱাই ডিমাচা জনজাতীয় লোকসকলৰ মাজত এবছৰ ধৰি বাস কৰিছিল। ইয়াৰোপৰি টৰণ্ট’ ফিল্ম ফেষ্টিভেলত শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মানো লাভ কৰে আইমী বৰুৱাই।

Aimee BaruahDA News PlusSemkhor
Comments (0)
Add Comment