উপ-নিৰ্বাচন সন্দৰ্ভত বিজেপিৰ দাবী নস্যাৎ প্ৰদেশ কংগ্ৰেছৰ

ডিজিটেল ডেস্ক: ৰাজনীতিৰ পাঠশালা নেকি ৰাজীৱ ভৱন?
কংগ্ৰেছত ৰাজনীতি শিকি দল ত্যাগ কৰোতালৈ সকীয়নি
কংগ্ৰেছৰ বুকুত থাকি চুকত খুটিওৱাৰ স্থান নাই
No Entry ঘোষণা কংগ্ৰেছ নেতৃত্বৰ

ৰাজনীতিত দল ত্যাগ কৰি আন দললৈ যোৱাটো ডাঙৰ ঘটনা নহয়৷ কিন্তু শেহতীয়াভাৱে কংগ্ৰেছৰ পৰা ভালেসংখ্যক নেতা-পালিনেতাৰ দল ত্যাগৰ ঘটনাই ক্ষোভিত কৰিছে শবছৰীয়া পুৰণি দলটোৰ নেতৃত্বক৷ নেতাৰ দল ত্যাগে বিবুধিত পেলাইছে ৰাজীৱ ভৱনক৷ শেহতীয়া নিৰ্বাচনী বিপৰ্যয়ৰ পিছত কেইবাগৰাকীও দলীয় জ্যেষ্ঠ-কনিষ্ঠ নেতাৰ দল ত্যাগক লৈ উদ্বিগ্ন কংগ্ৰেছ নেতৃত্ব৷ ৰাজীৱ ভৱনৰ পৰা ৰাজনীতিৰ ব্যৱহাৰিক শিক্ষা লৈ ব্যক্তিগত লাভৰ স্বাৰ্থত আন দললৈ গৈ নিজৰ প্ৰয়োজনত কংগ্ৰেছৰ বিৰুদ্ধাচৰণ কৰা নেতালৈ সকীয়নি বিধায়ক ৰেকিবুদ্দিন আহমেদৰ৷

ক্ষোভিত ৰেকিবৰ তীব্ৰ বাক্যবাণ
সুবিধাবাদীৰ স্থান নাথাকিব ৰাজীৱ ভৱনত
স্বাৰ্থলোভী লোক সোমাব নোৱাৰিব কংগ্ৰেছ শিবিৰত



ইপিনে, পুনৰ বিজেপিয়ে উপ-নিৰ্বাচনৰ প্ৰসংগ লৈ ব্যতিব্যস্ত কৰি ৰাখিছে কংগ্ৰেছী মহলক৷ দুগৰাকী বিধায়কে বিজেপিৰে যোগাযোগ কৰা বুলি প্ৰদেশ বিজেপিৰ সভাপতি ভবেশ কলিতাৰ মন্তব্যৰ পিছতে সৰৱ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা৷

ভবেশ কলিতাক প্ৰত্যাহ্বান ভূপেন বৰাৰ
অপপ্ৰচাৰ চলাইছে বিজেপিয়ে
কোনো কংগ্ৰেছী বিধায়ক নাযায় বিজেপিলৈ


অকল এয়াই নহয়, নিটি আয়োগৰ প্ৰসংগৰে বিজেপি দল-চৰকাৰক তীক্ষ্ণ সমালোচনা প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ৷ পুনৰ উপ-নিৰ্বাচন সন্দৰ্ভত বিজেপিয়ে কৰা মন্তব্যৰ বিৰুদ্ধে প্ৰশ্ন ভূপেন বৰাৰ৷

নিটি আয়োগৰ সমীক্ষাত দুৰ্ভাগ্যজনক স্থানত অসম
উপ-নিৰ্বাচনৰ নামত ধন অপচয় কিয়?


মুঠতে দল ত্যাগ আৰু উপ-নিৰ্বাচন প্ৰসংগই সষ্টম কৰি তুলিছে কংগ্ৰেছী শিবিৰক৷ নতুনকৈ কোনোৱে যাতে দল ত্যাগ কৰিব নোৱাৰে, তাক লৈও ইতিমধ্যে দলীয়ভাৱে গঢ়ি তোলা হৈছে বেহু৷ ইয়াৰ পাছতো বিজেপিয়ে কৰি অহা দাবী মষিমূৰ কৰিবলৈ সক্ষম হ’বনে প্ৰদেশ কংগ্ৰেছ নেতৃত্ব? সেয়া সময়ত স্পষ্ট হ’ব৷

#DA_News_Plus
Comments (0)
Add Comment