অনিমেষ ভূঞাৰ দুই বন্ধুক চিকিৎসালয়তে ভাবুকি ভেৰোণীয়া গুণ্ডাৰ

ডিজিটেল ডেস্ক: যোৰহাট কাণ্ডক লৈ উত্তাল সমগ্ৰ অসম৷ উদীয়মান ছাত্ৰ নেতা অনিমেষ ভূঞাৰ মৃত্যুক লৈ শোকস্তব্ধ ৰাজ্যবাসী৷ ইয়াৰ মাজতে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকা অনিমেষৰ দুই বন্ধুক কোনো দুষ্টচক্ৰই ভাবুকি দিয়াৰ ঘটনাই ব্যাপক ক্ষোভৰ সৃষ্টি কৰিছে৷

যোৰহাট চিকিৎসা মহাবিদ্যালয়ত তীব্ৰ চাঞ্চল্য
অনিমেষ ভূঞাৰ দুই বন্ধুক চিকিৎসালয়তে ভাবুকি ভেৰোণীয়া গুণ্ডাৰ
চিকিৎসাধীন অৱস্থাতে ভাবুকি ৩ ভেৰোণীয়া গুণ্ডাৰ
JMCHত চিকিৎসাধীন মৃদুস্মন্ত বৰুৱা আৰু প্ৰণয় দত্ত
চিকিৎসালয়খনৰ নাৰ্ছকো ভাবুকি দিয়াৰ অভিযোগ

ছাত্ৰ নেতা অনিমেষ ভূঞাৰ নিৰ্মম হত্যা আৰু আৰক্ষীৰে দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা বুলি প্ৰকাশ পোৱা অন্যতম হত্যাকাৰী নীৰজ দাস ওৰফে কালা গুণ্ডাৰ মৃত্যুক লৈ উত্তেজনা অব্যাহত থকাৰ মাজতে সৃষ্টি হৈছে আন এক চাঞ্চল্যৰ৷ এদল উন্মত্ত লোকৰ আক্ৰমণত অনিমেষৰ মৃত্যু হোৱাৰ লগতে আহত হৈছিল অনিমেষৰ বন্ধু মৃদুস্মন্ত বৰুৱা আৰু প্ৰণয় দত্ত৷ চিকিৎসাধীন অৱস্থাতে বুধবাৰে পুৱা ৩জন সন্দেহজনক লোকে হাস্পতালখনৰ ভিতৰত প্ৰৱেশ কৰি ভাবুকি দিয়াৰ অভিযোগ কৰিছে মৃদুস্মন্ত বৰুৱাৰ লগতে প্ৰণয় দত্তই৷ লোককেইজনে আনকি ৰোগীৰ কোঠাত থকা নাৰ্ছগৰাকীকো ভাবুকি দিয়ে৷ দুয়ো এতিয়া নিৰাপত্তাজনিত শংকাত ভোগা বুলি জানিবলৈ দিছে৷

ইফালে এই ঘটনাক লৈ যোৰহাটত চাঞ্চল্য বৃদ্ধি পাইছে৷ চিকিৎসাধীন যুৱক দুজনৰ নিৰাপত্তা বৃদ্ধি কৰাৰ কাৰণে আৰক্ষীৰ ওচৰত দাবী জনাইছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে৷ আনহাতে এই ঘটনাৰ পিছতে যোৰহাটৰ আৰক্ষী অধীক্ষক অংকুৰ জৈনে যোৰহাটত নিৰাপত্তা ব্যৱস্থা বৃদ্ধি কৰা বুলি উল্লেখ কৰে৷ তেওঁ লগতে আঘাতপ্ৰাপ্ত চিকিৎসাধীন যুৱক দুজনৰ নিৰাপত্তা ব্যৱস্থা কৰা বুলিও জানিবলৈ দিয়ে৷

#Animeshbhuyan#DA_News_Plus
Comments (0)
Add Comment