ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত মৃত্যু দুটা বন্য হস্তীৰ

ডিজিটেল ডেস্ক: কুঁৱলিসিক্ত শীতৰ নিশা ৰে’লৰ খুন্দাত বন্যহস্তীৰ মৃত্যু৷ তীব্ৰবেগী উজনিমুৱা ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত দুটা হাতীৰ কৰুণ মৃত্যু হয়৷ ৰাজ্যত পূৰ্বতে এনেকুৱা ঘটনা বহুকেইটা সংঘটিত হৈছিল যদিও যোৱা এবছৰমান বন বিভাগৰ সতৰ্কীকৰণ আৰু ৰে’ল চালকৰ তৎপৰতাত সংঘটিত হোৱা নাছিল৷

পুনৰ ৰে’লৰ খুন্দাত দুটা বন্যহস্তীৰ কৰুণ মৃত্যু
ক্ষেত্ৰীত ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত মৃত্যু দুটা গজৰাজৰ
খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই আহিছিল এজাক হাতী
সোণাপুৰ-ক্ষেত্ৰীত ঘটনাক লৈ শোকৰ ছাঁ

কিছুদিনৰ বিৰতিত পুনৰ ৰাজ্যত সংঘটিত ৰে’লৰ খুন্দাত হাতীৰ মৃত্যুৰ ঘটনা৷ ক্ষেত্ৰীৰ সমীপৰ বৰাহু মইনাজানত নিশা প্ৰায় ১০ বজাত উজনিমুৱা ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত দুটা বন্যহস্তীৰ কৰুণ মৃত্যু হয়৷ ৰে’লপথ পাৰ হ’বলৈ ধৰা অৱস্থাত এজাক হাতীৰ দুটা হাতীক ৰে’লখনে খুন্দা মাৰোতেই এই শোকাৱহ দুৰ্ঘটনা সংঘটিত হয়৷

মৃত হাতী দুটাৰ এটা মতা আনটো মাইকী

হাতী দুটাক খুন্দিয়াই ৰে’লখনে বহু দূৰ চোঁচৰাই লৈ যায়৷ এই ঘটনাই স্থানীয় ৰাইজৰ মাজত শোকৰ ছাঁ পেলাইছে৷ ধোপগুৰি অঞ্চলৰ বিস্তীৰ্ণ পথাৰ এতিয়া পকা ধানেৰে ভৰি থকাৰ পৰিপ্ৰেক্ষিতত সমীপৰে ঢৌমৰা পাহাৰৰ পৰা খাদ্যৰ সন্ধানত নামি অহা হাতীৰ জাকে বিগত কিছুদিন ধৰি বিচৰণ কৰি থকা প্ৰত্যক্ষ কৰিছিল স্থানীয় ৰাইজে। উল্লেখ্য যে ইতিমধ্যে ৰাজ্যত কেইবাটাও বনৰীয়া হাতীৰ ৰে’লৰ খুন্দাত মৃত্যু হোৱা পৰিপ্ৰেক্ষিতত বন বিভাগে উত্তৰ-পূব সীমান্ত ৰে’লৱেক ৰে’লৰ গতি নিয়ন্ত্ৰণৰ বাবে সকীয়াই দি পত্ৰ প্ৰেৰণ কৰিছিল৷ বিশেষকৈ শীতৰ নিশা কুঁৱলিৰ বাবে দৃশ্যমান শূন্য হৈ পৰাৰ ফলত দুৰ্ঘটনাৰ আশংকা ঘনীভূত হৈ আছিল৷ কিন্তু বন বিভাগৰ সতৰ্কীকৰণ নামানি ৰে’ল চলাচল কৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়৷ দুৰ্ঘটনাত কথমপি ৰে’লখন লাইনচ্যুত হোৱাৰ পৰা ৰক্ষা পৰে৷

DA News PlusElephant
Comments (0)
Add Comment