গণৰাজ্যৰূপে ঘোষিত বাৰবাড’জ, সমাপ্ত হ’ল ৰাণী এলিজাবেথৰ শাসন

ডিজিটেল ডেস্কঃ ৪০০ বছৰতকৈও অধিক সময় ব্ৰিটিছ সাম্ৰাজ্যৰ অংশ আছিল বাৰবাড’জ। ২৯ নৱেম্বৰ নিশা ব্ৰিটেইনৰ ৰাণী দ্বিতীয় এলিজাবেথে ৰাষ্ট্ৰৰ মুৰব্বীৰ পদ ত্যাগ কৰে আৰু বাৰবাড’জক নতুন গণৰাজ্য হিচাপে ঘোষণা কৰে। স্বাধীনতাৰ ৫৫ বছৰ পিছত কেৰিবিয়ান দ্বীপ ৰাষ্ট্ৰখনে ব্ৰিটেইনৰ পৰা পৃথক হৈ ঔপনিৱেশিক শাসনৰ সমাপ্তি ঘটায়।

দেশখনত প্ৰথম ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে চেন্দ্ৰা মেছনে। ৰাষ্ট্ৰপতি গৰাকীয়ে কয় “আমি বাৰবাড’জ গণৰাজ্যৰ আত্মা আৰু অস্তিত্ব উপস্থাপন কৰিব লাগিব। আমি ইয়াৰ ভৱিষ্যত গঢ়ি তুলিব লাগিব। আমি ইজনে সিজনৰ আৰু আমাৰ দেশৰ ৰক্ষক। আমি বাৰবাড’জৰ লোক।”

অনুষ্ঠানটোত উপস্থিত থাকি প্ৰিন্স চাৰ্লছে তেওঁৰ মাতৃ এলিজাবেথক শুভেচ্ছা জ্ঞাপন কৰি কয়, “এই গণৰাজ্য গঠন এক নতুন আৰম্ভণি।” বৰ্তমান ৰাণী এলিজাবেথ ইংলেণ্ড, অষ্ট্ৰেলিয়া, কানাডা আৰু জামাইকাকে ধৰি ১৫খন দেশৰ ৰাণী।

#Barbados#DA_News_Plus#New_republic
Comments (0)
Add Comment