মঙলবাৰে অনুষ্ঠিত হ’ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ ২০২১-২২ বৰ্ষৰ সাধাৰণ নিৰ্বাচন

ডিজিটেল ডেস্ক:

উদুলি-মুদুলি কৃষ্ণচূড়াৰ বাকৰি

কৃষ্ণচূড়াৰ দেশত বলিছে নিৰ্বাচনৰ গৰম বতাহ

ৰণত নামিছে ছাত্ৰ-ছাত্ৰী

ৰাজ্যৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ গুৱাহাটী বিশ্ববিদ্যালয়ত প্ৰাণচঞ্চল পৰিৱেশ৷ মঙ্গলবাৰে অনুষ্ঠিত হ’ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ ২০২১-২২ বৰ্ষৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ নিৰ্বাচন। বিভিন্ন আশাৰে বিশ্ববিদ্যালয়ৰ সামগ্ৰিক উন্নয়নৰ বাবে কাম কৰাৰ উদ্দশ্যে প্ৰতিজন প্ৰাৰ্থী অবতীৰ্ণ হৈছে নিৰ্বাচনত। মঙ্গলবাৰে পুৱাৰে পৰা বিশ্ববিদ্যালয়ৰ চৌহদত দেখা গ’ল ছাত্ৰ-ছাত্ৰীসকলৰ নিৰ্বাচনী ব্যস্ততা।


বিশ্ববিদ্যালয়খনৰ নিৰ্বাচনত সভাপতি পদৰ বাবে প্ৰতিদ্বন্দিতাত নামিছে তিনিগৰাকী প্ৰাৰ্থী

সাধাৰণ সম্পাদক পদৰ বাবে যুঁজ হ’ব তিনিগৰাকী প্ৰাৰ্থীৰ মাজত

মুঠ ১৫ টা পদৰ বাবে ৩৫ গৰাকী প্ৰাৰ্থীয়ে আগবঢ়াইছে প্ৰতিদ্বন্দিতা

সমৰ্থক ছাত্ৰ-ছাত্ৰীসকলৰ মাজতো দেখা গ’ল উছাহ-উদ্দীপনা। পুৱা ৯ বজাৰ পৰা বিয়লি ৪ বজালৈ চলিছিল এই ছাত্ৰ নিৰ্বাচন, এইবাৰৰ নিৰ্বাচনত আছু আৰু এবিভিপি প্ৰাৰ্থী মাজতেই হব মূল প্ৰতিদ্বন্দিতা । বুধবাৰে বিয়লি প্ৰকাশ পাব নিৰ্বাচনী ফলাফল । তেতিয়াহে স্পষ্ট হব কৃষ্ণচূড়াদেশৰ নিৰ্বাচনী বতাহ কোন দিশে ? ৰাজ্যবাসীৰো দৃষ্টি নিবদ্ধ হৈ থাকিব গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনী ফলাফললৈ।

#DA_News_Plus#GauhatiUniversity#PGSUelection
Comments (0)
Add Comment