এজন অসমীয়াক বিশ্বকাপৰ স্মৃতি উপহাৰ যুৱৰাজ সিঙৰ

ডিজিটেল ডেস্কঃক্ৰিকেটৰ ক্ষেত্ৰখনত সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে এজন অসমীয়াই, নাম নিশান্ত বৰদলৈ। তেখেত দেশৰ এগৰাকী নামী প্ৰশিক্ষক হিচাপে পৰিচিত। অসমৰ হৈ ৩৫ খন ৰঞ্জী মেচ খেলিছিল বৰদলৈয়ে। ২০১৮ ৰ কিংছ ইলেভেন পঞ্জাৱৰ ফিল্ডিং প্ৰশিক্ষক আছিল নিশান্ত বৰদলৈ। বি চি চি আইৰ এনচি এৰো ফেকাল্টি আছিল বৰদলৈ। সম্প্ৰতি জম্মু আৰু কাশ্মীৰ ৰঞ্জী দলৰ লগত জড়িত আছে প্ৰশিক্ষকজন।

নিশান্ত বৰদলৈৰ লগত সম্পৰ্ক ঘনিষ্ঠৰ বাবে অলৰাউণ্ডাৰ যুৱৰাজ সিঙে মেন অৱ দ্য ছিৰিজত লাভ কৰা অ’ডি বাহনখন তেওঁক উপহাৰ হিচাপে প্ৰদান কৰিছে। ২০১১ চনৰ বিশ্বকাপত চমকপদ প্ৰদৰ্শনৰ বাবে ‘মেৱ অৱ দ্য ছিৰিজ’ৰ খিতাপ লাভ কৰিছিল যুৱৰাজ সিঙে। প্ৰশিক্ষক নিশান্ত বৰদলৈয়ে যুৱৰাজ সিঙক নিয়মীয়াকৈ অনুশীলন কৰাইছিল। সেইবাবেই নিজৰ খেলুৱৈ জীৱনৰ শ্ৰেষ্ঠ উপহাৰক প্ৰশিক্ষক গৰাকীকে উপহাৰ দিলে অলৰাউণ্ডাৰ গৰাকীয়ে।

#Cricket#DA_News_Plus#Yuvraj_singh
Comments (0)
Add Comment