এক ভয়ানক ষ্টান্ট, এইবাৰ ২,০০০ ফুট উচ্চতাত বিমানৰ উইঙত ওলমি ষ্টান্ট টম ক্ৰুইজৰ

ডিজিটেল ডেস্কঃ হলীউড ব্লকবাষ্টাৰত ষ্টাণ্ট প্ৰদৰ্শনৰ বাবে খ্যাত অভিনেতা টম ক্ৰুজে পুনৰ আন এটা বিপজ্জনক আৰু অদ্ভুত ষ্টাণ্ট প্ৰদৰ্শন কৰা দেখা গৈছে। ৫৯ বছৰীয়া ক্ৰুজে ১৯৪১ চনৰ বোয়িং B75N1 ষ্টিয়াৰমেন বাইপ্লেনৰ ককপিটৰ পৰা ২,০০০ ফুট উচ্চতাত বিমানৰ উইঙত বহি ওলোটাকৈ ওলমি ষ্টান্ট কৰে।

ক্ৰুজে তেওঁৰ আহিবলগীয়া চলচ্চিত্ৰ ‘মিছন: ইম্পছিবল ৮’ৰ বাবে এই নতুন ষ্টাণ্ট সম্পন্ন কৰে। ইংলেণ্ডৰ কেমব্ৰিজশ্বায়াৰৰ ডাক্সফৰ্ড এয়াৰফিল্ডত ষ্টাণ্টৰ চিত্ৰগ্ৰহণ কৰা হয়। ষ্টান্টৰ সময়ত সুৰক্ষাৰ বাবে হেলমেট আৰু এটা হালধীয়া জেকেট পৰিধান কৰি এডাল হাৰ্নেছৰ সৈতে বিমানত সংলগ্ন হৈ থাকে।

ষ্টাণ্টমেন ক্ৰুজে কিছুদিন পূৰ্বে পৃথিৱীৰ আটাইতকৈ ওখ অট্টালিকা বুৰ্জ খালিফাৰ শীৰ্ষত আৰোহণ কৰিছিল। অভিনেতাজনে এই ষ্টান্টৰ বাবে কেইবাবছৰ উৰণৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল।

#Airplane_stunt#DA_News_Plus#Hollywood#Tom_Cruise
Comments (0)
Add Comment