অসম মেঘালয়ৰ সীমান্তত পুনৰ উত্তেজনা

ডিজিটেল ডেস্ক: অসম মেঘালয়ৰ সীমান্তৱৰ্তী গামেৰীমূৰাৰ জয়পুৰ খ্ৰীষ্টিয়ানপাৰাত দেওবাৰে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। অসম-মেঘালয়ৰ দীর্ঘ দিনীয়া সীমা সমস্যাক লৈ চাৰিখন গাঁৱ ছালবাৰী, আমাগাওঁ, মালাং জয়পুৰ আৰু হহুৱাপাৰাৰ ৰাইজৰ মাজত আহ্বান কৰা হয় এখন ৰাজহুৱা সভা। সভাত অসমৰ কৃষিমন্ত্ৰী মন্ত্ৰী অতুল বৰাৰ লগতে মেঘালয়ৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰিঙিকটন লইনডো টংকাহ  উপস্থিত হৈ সীমান্তত থকা বাসিন্দা সকলৰ মাজত মত বিনিময় কৰে।

মত বিনিময়ত অসম মেঘালয় সীমান্তৱৰ্তী চাৰি গাঁৱৰ অধিকাংশ লোকে মেঘালয়ত চামিল হোৱাৰ কথা জনায়।উল্লেখ্য যে  এই সন্দৰ্ভত সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰাই দুয়ো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰিব বুলি আশ্বাস প্ৰদান কৰে। ইফালে  অসমৰ এচাম  বাসিন্দাক একাংশ মেঘালয়ৰ সমৰ্থকে মেঘালয়ৰ সমৰ্থনত চিঞৰিবলৈ ভাবুকি প্ৰদান কৰা বুলিও অভিযোগ উত্থাপন কৰে বকোৰ বিধায়িকা নন্দিতা দাসে।

উল্লেখ্য যে, পুৱা মন্ত্ৰী অতুল বৰা উপস্থিত হোৱাৰ প্ৰাকক্ষণত মেঘালয়ৰ একাংশ সমৰ্থকে সভাৰ মঞ্চৰ বেনাৰ পোষ্টাৰ ভাঙি চিঙি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।

#Assam#DA_News_Plus#Meghalaya
Comments (0)
Add Comment