সামাজিক মাধ্যমত ভাইৰেল এখন ব্যতিক্ৰমী বিবাহ কাৰ্ড

ডিজিটেল ডেস্কঃ পৃথক আৰু অভিনৱ চিন্তাধাৰাৰে সম্পূৰ্ণ আইনী ভাষাৰ এখন বিবাহৰ চিঠি। গুৱাহাটীৰ এজন উকীলৰ সংবিধান-থিমযুক্ত বিবাহৰ নিমন্ত্ৰণী পত্ৰখনে সামাজিক মাধ্যমত সৃষ্টি কৰিছে ব্যাপক চৰ্চা। পত্ৰখনত সমতাক প্ৰতিনিধিত্ব কৰি ন্যায় মাপকাঠিৰ দুয়োফালে দৰা আৰু কইনাৰ নাম লিখা হৈছে। বিবাহৰ আমন্ত্ৰণিত পত্ৰখনত ভাৰতত বিবাহ সম্পৰ্কীয় আইন আৰু অধিকাৰৰ কথাও উল্লেখ কৰিছে।

অধিবক্তা অজয় শৰ্মাই হৰিদ্বাৰত সহকাৰী অধ্যাপিকা পদত কৰ্মৰত পূজা শৰ্মাৰ সৈতে বিবাহ পাশত আৱদ্ধ হ’ব। শৰ্মাই পত্ৰখনত বিবাহৰ তাৰিখ আৰু বাৰ উল্লেখ কৰি লিখিছে “বিবাহৰ অধিকাৰ ভাৰতীয় সংবিধানৰ ২১ নং অনুচ্ছেদৰ অধীনত জীৱনৰ অধিকাৰৰ এটা উপাদান। সেয়ে, ২৮ নৱেম্বৰ ২০২১ দেওবাৰে এই মৌলিক অধিকাৰ ব্যৱহাৰ কৰা সময়,” আমন্ত্ৰণিত লগতে কোৱা হৈছে, “যেতিয়া উকীলসকলে বিবাহ পাশত আৱদ্ধ হয়, তেওঁলোকে ‘হয়’ শব্দৰ প্ৰকাশ নকৰে, তেওঁলোকে কয় – ‘আমি চৰ্তাৱলী আৰু নিয়মাৱলী স্বীকাৰ কৰোঁ।’

প্ৰতিবেদন অনুসৰি শৰ্মাই কয়, যেতিয়া বিবাহৰ কাৰ্ডখন চোৱা হ’য় সাধাৰণতে স্থান, সময় আৰু তাৰিখ লক্ষ্য কৰা হয়। আমি পত্ৰখনত কি লিখা আছে পঢ়ি নাচাওঁ। মই এনে এখন নিমন্ত্ৰণি পত্ৰ বনাইছো যিখন মানুহে ওপৰৰ পৰা তললৈ পঢ়ে”।

#advocate#Da News Plus#invitation card#wedding
Comments (0)
Add Comment