যশস্বী কবি-সাহিত্যিক সনন্ত তাঁতীৰ দেহাৱসান

ডিজিটেল ডেস্ক: প্ৰখ্যাত অসম কবি সনন্ত তাঁতীৰ বৃহস্পতিবাৰে পুৱা ৩:২৫ বজাত নতুন দিল্লীৰ ইন্দ্ৰপ্ৰস্থ এপ’ল’ হস্পিতালত মৃত্যু হয়। কাইলৈৰ দিনটো আমাৰ হ’ব বুলি দাবী কৰা কবিজনাই কিন্তু দেখা নাপালে পুৱাৰ ৰ’দালী। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৯ বছৰ। যোৱা ডেৰ বছৰ ধৰি জটিল কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল কবিজনা।


১৯৫২ চনৰ ৪ নৱেম্বৰত কালিনগৰ চাহ বাগিচাৰ এটা ওড়িয়া পৰিয়ালত জন্মগ্ৰহণ কৰা তাঁতীয়ে এখন বাংলা মাধ্যমৰ বিদ্যালয়ৰ পৰা মাধ্যমিক শিক্ষা সম্পূৰ্ণ কৰে। অসমীয়া ভাষাত সাহিত্যকৰ্ম অব্যাহত ৰখা তাঁতীয়ে তেওঁৰ কবিতাৰ সংকলন “কাইলৈৰ দিনটো আমাৰ হ’ব” ৰ বাবে ২০১৮ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। ৰাজ্য চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰা তাঁতীৰ কবি হিচাপে প্ৰথম আত্মপ্ৰকাশ ঘটিছিল ১৯৮১ চনৰ উজ্জ্বল নক্ষত্ৰৰ সন্ধানত। মুঠ ১৪খন গ্ৰন্থৰ প্ৰণেতা তাঁতীৰ অন্যকেইখনমান গ্ৰন্থ হ’ল: “নিজৰ বিৰুদ্ধে শেষ প্ৰস্তাৱ”, “শব্দ অথবা শব্দহীনতাত”, “আপুনি আপোনাৰ সৈতে যুদ্ধ কৰিব পাৰিবনে” আদি। সাহিত্যচৰ্চাৰ প্ৰতীক সনন্ত তাঁতীয়ে তেওঁৰ সাহিত্যৰাজীৰ বাবে অসম উপত্যকা বঁটাকে আদি কৰি কেইবাটাও বঁটা লাভ কৰিছিল।

DA News Plus
Comments (0)
Add Comment