অসম ৰাইফলছ প্ৰধান লেফটেনেণ্ট জেনেৰেল প্ৰদীপ চন্দ্ৰন নায়াৰলৈ অতি বিশিষ্ট সেৱা পদক


ডিজিটেল ডেস্কঃঅসম ৰাইফলছৰ ২১ সংখ্যক সঞ্চালক প্ৰধান লেফটেনেণ্ট জেনেৰেল প্ৰদীপ চন্দ্ৰন নায়াৰক সন্মানীয় অতি বিশিষ্ট সেৱা পদক প্ৰদান কৰা হয়। অসম ৰাইফলছৰ শীৰ্ষ বিষয়া গৰাকীক ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে প্ৰদান কৰে এই সন্মান। নাগালেণ্ডৰ অসম ৰাইফলছৰ মহা-পৰিদৰ্শক হিচাপে সফল হোৱাৰ বাবেই বিষয়া জনক এই সন্মানীয় বঁটা প্ৰদান কৰা হৈছে।

পূৰ্বতে সেনাৰ যুদ্ধ সেৱা পদক আৰু তিনিবাৰ সেনা প্ৰধানৰ প্ৰশংসা কাৰ্ডৰ দ্বাৰাও সন্মানিত হৈছিল সঞ্চালক প্ৰধান গৰাকী। শীৰ্ষ বিষয়া গৰাকীয়ে পূৰ্বে অসমত ১৮ জন শিখ ৰেজিমেন্টক কামাণ্ড কৰি পিছত মণিপুৰত বিগ্ৰেড কমাণ্ডাৰ আৰু শেহতীয়াকৈ নাগালেণ্ডত অসম ৰাইফলছৰ মহা-পৰিদৰ্শক দায়িত্বত অৱতীৰ্ণ হয়।

Assam rifflesAwardDA News Plus
Comments (0)
Add Comment