ড্ৰেগন’ৰ খেতি কৰি স্বাৱলম্বী দৰঙৰ এজন যুৱক , ড্ৰেগ’ন ফল বিক্ৰি কৰি উপাৰ্জন লাখ লাখ টকা

ডিজিটেল ডেস্ক: যি সময়ত কৰ্মস্থান বিচাৰি বিভিন্ন ব্যক্তিয়ে বিদেশলৈ গমন কৰিছে , সেই সময়তেই মনত ইচ্ছা শক্তি থাকিলে নিজ ঠাইতে যিকোনো কৰ্ম কৰিব পাৰি তাকে প্ৰমাণ কৰিছে দৰঙৰ দলগাঁৱৰ খাৰপুৰী চাপৰীৰ মাজাহাৰ আলীয়ে।

চীন দেশীয় আৰ্হিৰে ড্ৰেগ’নৰ খেতি কৰি স্বাৱলম্বী হৈছে শিক্ষিত যুৱক জন। কৰ্মস্থাপনৰ পথ বিচাৰি নপোৱা ব্যক্তিসকলৰ বাবে স্বাৱলম্বীতাৰ নিদৰ্শন দাঙি ধৰিছে যুৱকজনে। উল্লেখ্য যে ইউটিবৰ ভিডিঅৰ পৰা ড্ৰেগ’নৰ খেতি কৰাৰ প্ৰেৰণা পাইছিল যুৱকজনেI

দৰঙৰ বিভিন্ন বজাৰত যথেষ্ট চাহিদা ড্ৰেগ’ন ফলৰ। এতিয়া ড্ৰেগ’ন ফল বিক্ৰি কৰি লাখ লাখ টকা উপাৰ্জন কৰিছে মাজাহাৰ আলীয়ে । যুৱক জনে নিজে সংস্থাপিত হোৱাৰ লগতে আন তিনিজনকো সংস্থাপন দিছে। দৰংৰ মাজহাৰ আলী হৈ পৰিছে আত্ম-নিৰ্ভৰশীলতাৰ এক উত্তম নিৰ্দশন।

DA News PlusDragon Fruit
Comments (0)
Add Comment