তাজমহল সদৃশ ঘৰ উপহাৰ পত্নীক, সামাজিক মাধ্যমত ভাইৰেল প্ৰতিচ্ছবি

ডিজিটেল ডেস্কঃ মধ্য প্ৰদেশৰ এজন লোকে পত্নীৰ বাবে নিৰ্মাণ কৰিলে তাজমহল সদৃশ এটা ঘৰ। বুৰহানপুৰৰ বাসিন্দা আনন্দপ্ৰকাশ ছক্সিয়ে চাৰিটা কোঠাৰ সৈতে নিৰ্মাণ কৰে ঘৰটো । এক প্ৰতিবেদন অনুসৰি লোকজনে তাজমহলক নিবিড়ভাৱে অধ্যয়ন কৰাৰ লগতে বহুতো প্ৰত্যাহ্বানৰ কথাও উল্লেখ কৰিছে।

ঘৰটো নিৰ্মাণ কৰিবলৈ প্ৰায় তিনি বছৰ সময় লাগিছিল। ঘৰটোৰ ভিতৰত কাৰুকাৰ্যৰ বাবে তেওঁ পশ্চিম বংগ আৰু ইন্দোৰৰ শিল্পীসকলক ৰাখিছিল। ২৯ ফুট উচ্চতাৰ গম্বুজৰ সৈতে ঘৰটো তাজমহলৰ টাৱাৰসদৃশ যেন দেখা গৈছে। ঘৰটোৰ মজিয়া ৰাজস্থানৰ ‘মকৰানা’ৰ পৰা তৈয়াৰ কৰা হৈছে। আচবাববোৰ মুম্বাইৰ শিল্পীসকলে প্ৰস্তুত কৰিছে। ঘৰটোত আছে এটা ডাঙৰ হ’ল, তলৰ আৰু ওপৰৰ মহলাত ৪ টা শোৱনি কোঠা, এটা পুথিভঁৰাল আৰু এটা পাৰ্থনা কোঠা।

উল্লেখ্য যে, ঘৰৰ ভিতৰৰ আৰু বাহিৰৰ আলোকসজ্জা এনেদৰে সজোৱা হৈছে যে ঘৰটো প্ৰকৃত তাজমহলৰ দৰেই আন্ধাৰত জিলিকি থাকে।

DA News PlusGiftTajmahal
Comments (0)
Add Comment