মহাপুৰুষীয়া কৃষ্টি-সংস্কৃতিক যাউতিযুগীয়া কৰি ৰখাৰ দৃঢ় সংকল্প নগাঁৱৰ টেট শিক্ষক সকলৰ

ডিজিটেল ডেস্কঃ জগতগুৰু শ্ৰীমন্ত শঙ্কৰদেৱে অসমৰ শিল্প-সংস্কৃতি তথা ধৰ্মীয় জগতলৈ উপহাৰ দিয়া অভিনৱ সম্পদ হৈছে ‘ভাওনা’৷  ভাওনা সংস্কৃতিৰ মাধ্যমেৰে গুৰুজনাই অজ্ঞ-অনাখৰী জনতাক কৃষ্ণভক্তিৰ মালা পিন্ধাই বিভিন্ন ধৰ্ম তথা জাতি-উপজাতিৰে বহুধা বিভক্ত অসমীয়া সমাজখনক একত্ৰিত কৰি নামঘৰ, সত্ৰ কেন্দ্ৰিক এখনি বৰ অসমীয়া সমাজ গঢ়ি থৈ গৈছে।

সেই একে গুৰুজনাৰ আদৰ্শৰে অনুপ্ৰাণিত উজনি অসমৰ পৰা অহা টেট শিক্ষকসকলে নিজ কৰ্তব্য পালনৰ সমান্তৰালভাৱে চলাই গৈছে শংকৰী কলা-কৃষ্টিৰ চৰ্চাও। এইবেলি জুৰীয়াৰ তেলীয়া বেবেজীয়া ৰাস উদযাপন সমিতিয়ে আয়োজন কৰা শ্ৰীকৃষ্ণৰ ৰাসলীলা ভাওনাৰ লগত সংগতি ৰাখি উজনি অসমৰ ভিন্ন প্ৰান্তৰ পৰা কৰ্মসূত্ৰে জুৰীয়ালৈ অহা টেট শিক্ষকসকলে মঞ্চস্থ কৰিলে “দধিছিৰ দেহত্যাগ আৰু বৃত্তাসুৰ বধ” নামেৰে এখনি মহাপুৰুষীয়া নাট ।

যিখন নাটত দুৰ্দান্ত অভিনয়ৰে টেট শিক্ষক সকলে মন্ত্ৰ মুগ্ধ কৰিলে সকলোকে । খোল তালৰ শব্দত মুখৰিত হৈ পৰিল জুৰীয়াৰ আকাশ বতাহ । একপ্ৰকাৰে মহাপুৰুষ দুজনাৰ অমৰ সৃষ্টি ভাওনা শিল্পক জীয়াই ৰখাৰ সংকল্প কঢ়িয়াই অনাই নহয়, অসমীয়া চহকী কৃষ্টিক সাৰ-পানী দি যাউতিযুগীয়া কৰি ৰখাৰো যেন দৃঢ় সংকল্প টেট শিক্ষক সকলৰ।

BhaonaDA News PlusNagaonTET Teacher
Comments (0)
Add Comment