লাভলীনা বৰগোহাঁইক অনুসৰণ কৰি খেলত মনোনিৱেশএজাক কিশোৰ-কিশোৰী

ডিজিটেল ডেস্কঃ লাভলীনা বৰগোহাঁইক অনুসৰণ কৰি খেলত মনোনিৱেশ কৰিছে এজাক কিশোৰ-কিশোৰীয়ে ৷ দৰঙৰ দলগাঁৱৰ বেছিমাৰীত সংখ্যালঘু অধ্যুষিত অঞ্চলত চলিছে কংফুৰ প্ৰশিক্ষণ ৷ সমৰ কলাৰ প্ৰশিক্ষক ৰহমান আলীয়ে প্ৰশিক্ষণ দি আছে কিশোৰ-কিশোৰীসকলক ৷

ছোৱালীসকলে কেনেকৈ আত্মৰক্ষা কৰিব তাৰ ওপৰতো দিয়া হৈছে বিশেষ প্ৰশিক্ষণ ৷ প্ৰশিক্ষণৰ অংশস্বৰূপে বেছিমাৰীত বেল্ট পৰীক্ষাৰো আয়োজন কৰা হয় ৷ ৰহমত আলীৰ নেতৃত্বত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে দৰঙৰ বহু সমৰকলা খেলুৱৈয়ে ৷

DA News Plusdarrangkung fu
Comments (0)
Add Comment