IIT ৰ জ্যেষ্ঠ পদত নিযুক্তিৰ বাবে কোটাৰ ব্যৱস্থা

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ অনুসৰি, ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানসমূহে প্ৰথমবাৰৰ বাবে সহযোগী অধ্যাপক আৰু অধ্যাপিকাৰ পদত নিযুক্তিৰ বাবে কোটাৰ ব্যৱস্থা কৰিছে। পূৰ্বৰ নিয়ম অনুসৰি IIT ৰ জ্যেষ্ঠ পদত নিয়োগৰ বাবে মানৱবিজ্ঞান আৰু ব্যৱস্থাপনাৰ বাহিৰে অন্য পাঠ্যক্ৰমত অনুসূচীত জাতি-জনজাতিৰ বাবে কোনোধৰণৰ কোটাৰ ব্যৱস্থা নাছিল।

কেন্দ্ৰীয় আইন অনুসৰি চৰকাৰী প্ৰতিষ্ঠানবোৰে OBC প্ৰাৰ্থীৰ বাবে শিক্ষক কৰ্মচাৰীৰ ক্ষেত্ৰত 27%, অনুসূচীত জাতিৰ ক্ষেত্ৰত 15% আৰু অনুসূচীত জনজাতিৰ ক্ষেত্ৰত 7.5% সংৰক্ষণ কাৰ্যকৰী কৰিব লাগিব।

চলিত বৰ্ষৰ আগষ্টত শিক্ষা মন্ত্ৰালয়ে সকলো কেন্দ্ৰীয় অনুদানপ্ৰাপ্ত উচ্চ শিক্ষা প্ৰতিষ্ঠান, যেনে ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান IIT, ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান (IIM) আৰু ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (NIT)ক “মিছন মোড”ত সংৰক্ষিত খালী পদসহ সকলো খালী পদ পূৰণ কৰিবলৈ নিৰ্দেশ দিছিল।

ছেপ্টেম্বৰ আৰু নৱেম্বৰৰ ভিতৰত, IIT-বোম্বাই, IIT-দিল্লী, IIT-কানপুৰ, IIT-মাদ্ৰাজকে ধৰি কেইবাখনো IIT প্ৰতিষ্ঠানে SC , ST , OBC , EWS আৰু বিশেষভাৱে সক্ষম প্ৰাৰ্থীৰ বাবে সংৰক্ষিত পদপূৰণৰ বাবে সকলো স্তৰত অনুষদ পদৰ বিজ্ঞাপন দিছে।

#Da News PlusIIT
Comments (0)
Add Comment