লজ্জাজনক ! স্বচ্ছ সৰ্বেক্ষণৰ সমীক্ষাত গুৱাহাটীৰ স্থান ৩১২

ডিজিটেল ডেস্ক : দেশৰ কদৰ্যময় মহানগৰীৰ তালিকাত গুৱাহাটী ৷ শেষতীয়াকৈ প্ৰকাশ পোৱা স্বচ্ছ সৰ্বেক্ষণ-২০২১ৰ তালিকাত ৩১২সংখ্যক স্থান পালে গুৱাহাটী মহানগৰীয়ে ৷ ১ৰ পৰা ১০ লাখ লোক থকা স্বচ্ছ নগৰ-মহানগৰৰ তালিকাত দিনে দিনে অৱনমিত হোৱা গুৱাহাটী পূৰ্বৰ দৰেই ৩০০ৰ ঘৰৰ পিছতে থাকিল ৷

এই তালিকাত শীৰ্ষস্থান লাভ কৰিছে নতুন দিল্লী পৌৰ এলেকাই ৷ আনহাতে দ্বিতীয় আৰু তৃতীয় স্থানত ক্ৰমান্বয়ে আছে ছত্তীশগড়ৰ অম্বিকাপুৰ আৰু অন্ধ্ৰ প্ৰদেশৰ তিৰুপতি ৷ এই তালিকাত ৩১১সংখ্যক স্থানেৰে গুৱাহাটীতকৈ এখোজ আগত থাকিল ডিব্ৰুগড় ৷

উল্লেখনীয় যে, ১০ লক্ষাধিক জনসংখ্যাৰ স্বচ্ছ মহানগৰীৰ তালিকাত শীৰ্ষ স্থান লাভ কৰিলে মধ্যপ্ৰদেশৰ ইন্দোৰে ৷ তালিকাৰ দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰিছে ক্ৰমান্বয়ে গুজৰাটৰ ছুৰাট আৰু অন্ধ্ৰ প্ৰদেশৰ বিজয়ৱাৰাই৷

ইফালে, ১ লাখৰ কম জনসংখ্যাৰ স্বচ্ছ নগৰৰ তালিকাত উত্তৰ-পূবৰ ভিতৰত শীৰ্ষ স্থান পাইছে তেজপুৰে ৷ এই তালিকাৰ দ্বিতীয় স্থানত তিনিচুকীয়া আৰু তৃতীয় স্থান লাভ কৰিছে যোৰহাটে ৷ উত্তৰ-পূবৰ ৫০ হাজাৰৰ কম জনসংখ্যাৰ চহৰৰ তালিকাত শীৰ্ষ স্থান লাভ কৰিলে গোলাঘাটে ৷ দ্বিতীয় আৰু তৃতীয় স্থানত থাকিল কোকৰাঝাৰ আৰু হাফলং৷

2021AssamDaNewsPlusGuwahatiSwachhSurvekshan
Comments (0)
Add Comment