বিশ্বৰ আটাইতকৈ পৰিস্কাৰ বুলি অভিহিত ভাৰতীয় নদী, ছ’চিয়েল মিডিয়াত কিয় ভাইৰেল ডাউকিৰ ছবি

ডিজিটেল ডেস্কঃ প্ৰকৃতিৰ আশীৰ্বাদেৰে ভৰপুৰ মেঘালয়ৰ উমংগোট নদীৰ এখন ছবি, যি স্থানীয়ভাৱে ডাউকি নদী নামেৰে বিখ্যাত। বিগত কেইবাদিন ধৰি ইণ্টাৰনেটত ব্যাপকৰূপে প্ৰচাৰ হোৱা নদীখনৰ মনোমোহা দৃশ্যই সকলোকে আপ্লুত কৰিছে। অকল্পনীয়ভাৱে ধুনীয়া, কাঁচৰ দৰে জিলিকি থকা আৰু স্ফটিক পৰিষ্কাৰ পানীৰে ভৰপুৰ নদীখনত থকা নাওঁ‌খন বতাহত গ্লাইডিং কৰি থকা যেন দেখা গৈছে।

জল শক্তি মন্ত্ৰালয়ে টুইটাৰৰ জৰিয়তে ১৬ নৱেম্বৰত আকাশমাৰ্গৰ পৰা গ্ৰহণ কৰা উমংগোট নদীৰ এখন ছবি প্ৰচাৰ কৰিছিল। পোষ্ট কৰা ছবিখনত জলশক্তি মন্ত্ৰালয়ে “পৃথিৱীৰ আটাইতকৈ পৰিষ্কাৰ নদীবোৰৰ ভিতৰত এখন আৰু নদীখনৰ পানী ইমান পৰিষ্কাৰ আৰু স্বচ্ছ যে নদীত ওপঙি থকা নাওঁখন বতাহত ওপঙি থকা যেন দেখা গৈছে ” বুলি লিখিছিল।

https://twitter.com/MoJSDoWRRDGR/status/1443922649822994472/photo/1

উল্লেখ্য যে, উমংগোট নদী মেঘালয়ৰ ৰাজধানী শ্বিলঙৰ পৰা ১০০ কিলোমিটাৰ নিলগৰ ডাউকিৰ পশ্চিম জয়ন্তীয়া পাহাৰত অৱস্থিত। অবাস্তৱ যেন লগা ছবিখনৰ দৃশ্যই টুইটাৰ ব্যৱহাৰকাৰীসকলৰ দৃষ্টি আকৰ্ষণ কৰাৰ লগতে পৰ্যটকৰো মনোযোগ আকৰ্ষণ কৰিছে।

DA News PlusDawki riverMaghalayaShillong
Comments (0)
Add Comment