পুনৰ ইউনেস্কো কাৰ্যবাহী পৰিষদ ৰূপে নিৰ্বাচিত ভাৰত

ডিজিটেল ডেস্কঃ ২০২১-২৫ বৰ্ষৰ ইউনেস্কো কাৰ্যবাহী পৰিষদৰ সদস্যৰূপে ভাৰত পুনৰবাৰ নিৰ্বাচিত হৈছে। ৰাষ্ট্ৰসংঘৰ শৈক্ষিক, বৈজ্ঞানিক আৰু সাংস্কৃতিক সন্থা (ইনেস্কো)লৈ ভাৰতৰ স্থায়ী প্ৰতিনিধি দলে টুইট কৰি কয়, “২০২১-২৫ বৰ্ষৰ ইউনেস্কো কাৰ্যবাহী পৰিষদৰ সদস্যৰূপে নিৰ্বাচিত হোৱাৰ সপক্ষে ভাৰতে লাভ কৰিছে ১৬৪ টা ভোট।”

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় আৰু ইউনেস্কোলৈ ভাৰতৰ স্থায়ী প্ৰতিনিধি দলৰ উন্নত কামৰ প্ৰশংসা কৰে টুইট যোগে । সংস্কৃতি আৰু বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী মীনাক্ষী লেখিয়ে সুখ প্ৰকাশ কৰি ভাৰতৰ প্ৰাৰ্থিত্ব সমৰ্থন কৰা সকলো ৰাষ্ট্ৰক উষ্ম অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰিছে। ভাৰতৰ লগতে জাপান, ফিলিপাইনছ, ভিয়েটনাম, কুক দ্বীপপুঞ্জ আৰু চীনকো কাৰ্যবাহী পৰিষদৰ সদস্যৰূপে নিৰ্বাচিত কৰা হৈছে।

DA News PlusIndiaUNESCO
Comments (0)
Add Comment