৩ ডিচেম্বৰত মুক্তি পাব অভিষেক বচ্চন অভিনীত ‘ব’ব বিশ্বাস’

ডিজিটেল ডেস্কঃ চলচিত্ৰ প্ৰেমীসকলৰ বাবে ভাল খবৰ। মুক্তিৰ পথত ‘ব’ব বিশ্বাস’। ৰে’ড চিল্লিছ এণ্টাৰটেইনমেইন্টৰ বেনাৰত নিৰ্মিত অপৰাধমূলক ছবিখন মুক্তি দিয়া হ’ব ৩ ডিচেম্বৰত।

ব’ব বিশ্বাসত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা অভিষেক বচ্চন আৰু চিত্ৰাংগদা সিঙে। উল্লেখ্য যে, সুজয় ঘোষৰ দ্বাৰা পৰিচালিত ২০১২ চনৰ থ্ৰিলাৰ ছবি ‘কাহানী’ৰ এটা চৰ্চিত চৰিত্ৰ ব’ব বিশ্বাসৰ ওপৰতে নিৰ্মাণ কৰা হৈছে ছবিখন।

Abhishek bachchanBob biswasChitrangada singhDa NewsPlus
Comments (0)
Add Comment