তেলেংগানাৰ পোচমপেল্লীলৈ সৰ্বশ্ৰেষ্ঠ পৰ্যটন গাঁৱৰ স্বীকৃতি

ডিজিটেল ডেস্ক : United Nations World Tourism Organization (UNWTO)- এ তেলেংগানাৰ পোচমপেল্লীক সৰ্বশ্ৰেষ্ঠ পৰ্যটন গাওঁ হিচাপে নিৰ্বাচিত কৰিছে। এই কথা ঘোষণা কৰিছে ভাৰতৰ পৰ্যটন, সংস্কৃতি তথা উত্তৰ -পূৱ উন্নয়নৰ কেন্দ্ৰীয় মন্ত্ৰী জি কে ৰেড্ডীয়ে।

কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে পোচমপেল্লী গাঁৱৰ সকলো লোককে শুভেচ্ছা প্ৰদান কৰিছে। লগতে মন্ত্ৰী গৰাকীয়ে মন্তব্য কৰিছে যে, অহা ২ ডিচেম্বৰ তাৰিখে স্পেইনৰ মাদ্ৰিদত অনুষ্ঠিত হ’বলগীয়া UNWTO-ৰ ২৪ তম্ সাধাৰণ সভাত এই সন্মানীয় বঁটা উক্ত সংগঠনটোৱে আগবঢ়াব।

পোচমপেল্লী গাওঁ ভাৰতৰ ‘চিল্ক নগৰী’ হিচাপেও খ্যাত। এক সুকীয়া শৈলীৰে প্ৰস্তুত কৰা এই গাঁৱৰ শাৰীসমূহক ‘ইকট’ নামেৰে জনা যায়। ২০০৪ চনতে এই সুকীয়া শৈলীটোৱে Geographical Indicator(GI) টেগ লাভ কৰে।

BestTourismVillageDaNewsPlusGKReddyNationalPochampallyTelenganaUNWTOWorldTourism
Comments (0)
Add Comment