ঘোষণা হ’ল ২০২১ বৰ্ষৰ মাষ্টাৰ দীননাথ মংগেশকাৰ বঁটা

ডিজিটেল ডেস্কঃ মাষ্টাৰ দীননাথ মংগেশকাৰ স্মৃতি প্ৰতিস্থানৰ দ্বাৰা প্ৰদান কৰা ২০২১ বৰ্ষৰ মাষ্টাৰ দীননাথ মংগেশকাৰ বঁটা ঘোষনা কৰা হ’ল। প্ৰতি বছৰে ২৪ এপ্ৰিলত তেখেতৰ স্মৰণীয় দিৱসত অনুষ্ঠিত হোৱা এই পৰম্পৰা যোৱা দুবছৰে কৰোনাৰ বাবে স্থগিত ৰখা হৈছিল। ২৪ নবেম্বৰত অনুষ্ঠিত হ’ব চলিত বৰ্ষৰ মাষ্টাৰ দীননাথ মংগেশকাৰ বঁটা । স্বৰ্গীয় মাষ্টাৰ দীননাথ মংগেশকাৰৰ ৭৯সংখ্যক বাৰ্ষিকীত সকলো সক্ষম ব্যক্তিত্বক সম্বৰ্ধনা জনাই তেখেতক শ্ৰদ্ধাঞ্জলি জনোৱাৰ সিদ্ধান্ত লৈছে পৰিয়ালবৰ্গই।

সংগীত ৰচয়িতা প্যাৰেলাল, অভিনেত্ৰী মালা সিন্হা, শিৱসেনাৰ নেতা সঞ্জয় ৰাউত, অভিনেতা নানা পাটেকাৰ, গীতিকাৰ ঊষা মংগেশকাৰৰ লগতে বহুকেইজন গণ্যমাণ্য ব্যক্তিক এই বঁটাৰে সন্মানিত কৰা হ’ব। বঁটা বিতৰণি সমাৰোহত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে। অনুষ্ঠানটো অধিক স্মৰণীয় কৰি তুলিবলৈ গায়ক ৰাহুল দেশপাণ্ডেৰ দ্বাৰা এক সংগীতানুষ্ঠানৰো আয়োজন কৰা হৈছে।

AwardDA News PlusMaster Dinanath Mangeshkar
Comments (0)
Add Comment