দেশৰ ভিতৰতে অসম আৰক্ষীৰ বৃহৎ সাফল্য

ডিজিটেল ডেস্ক : ইণ্ডিয়ান পুলিচ ফাউণ্ডেচনে (Indian Police Foundation) দেশৰ ৰাজ্যিক আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ আৰক্ষীক লৈ কৰা স্মাৰ্ট পুলিচিং (Smart Policing Index, 2021) নামৰ এক সমীক্ষাত অসম আৰক্ষীয়ে বৃহৎ সফলতা অৰ্জন কৰিছে । স্মাৰ্ট পুলিচিং-২০২১ সমীক্ষাৰ তালিকাত দেশৰ ভিতৰতে তৃতীয় স্থান লাভ কৰিছে অসমে ।

সমীক্ষাটোৰ মুঠ ১০ পইন্টৰ ভিতৰত অসমে ৭.৮৯ পইন্ট অৰ্জন কৰি দেশৰ ভিতৰতে তৃতীয় স্থান লাভ কৰিছে। বিপৰীতে অন্ধ্ৰপ্ৰদেশে ৮.১১ পইন্টৰ সৈতে প্ৰথম স্থান আৰু তেলেংগানাই ৮.১০ পইণ্টেৰে দ্বিতীয় স্থানত আছে। আনহাতে ৫.৭৪ পইণ্টেৰে বিহাৰ তালিকাৰ শেষত আছে।

কেইবাটাও শিতান যেনে- সংবেদনশীলতা, তাৎক্ষণিক প্ৰত্যুত্তৰ দিয়া, কঠোৰ আৰু ভাল আচৰণ, নাগৰিকে তাৎক্ষণিকভাবে লগ পোৱা বা সঁহাৰি পোৱা, সহায় আৰু বন্ধুত্বসুলভ পুলিচিং, দায়বদ্ধতা,নিৰপেক্ষ আৰু আইনগত পুলিচিং আদিৰ ওপৰত এই সমীক্ষা চলোৱা হৈছিল। ইণ্ডিয়ান পুলিচ ফাউণ্ডেচনে অনলাইন প্ৰক্ৰিয়া আৰু প-পত্ৰ পূৰণৰ জৰিয়তে এই সমীক্ষা চলাইছিল। দেশৰ আগশাৰীৰ কেইবাখনো শিক্ষা প্ৰতিষ্ঠান ক্ৰমে আই আই টি- কানপুৰ, টাটা ইনষ্টিটিউট অব চচিয়েল চাইন্স-মুম্বাই আদিৰ বিশেষজ্ঞ এই সমীক্ষাত জড়িত আছিল।

দেশৰ ভিতৰতে অসমে এই সফলতা অৰ্জন কৰা পাছতেই অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই কয় যে, আৰক্ষীৰ কাম-কাজৰ ওপৰত অসমৰ ৰাইজে সন্তুষ্টি আৰু বিশ্বাস প্ৰদৰ্শন কৰিছে। সঞ্চালক প্ৰধান গৰাকীয়ে আৰক্ষী বিভাগৰ লগত জড়িত সকলো বিষয়-ববীয়াকে এই সফলতাৰ বাবে শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিছে। লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিও কৃতজ্ঞতা জ্ঞাপন কৰিছে।




AssamPoliceCMAssamDaNewsPlusDGPAssamIndianPoliceFoundationNationalSmartPolicingSurvey
Comments (0)
Add Comment