দেশৰ সৰ্বশ্ৰেষ্ঠ বায়ু মানদণ্ডৰ চহৰ মিজোৰামৰ আইজল

ডিজিটেল ডেস্কঃ প্ৰকৃতিৰ অনবদ্য ৰূপ-সৌন্দৰ্যৰে ভৰপূৰ উওৰ পূৰ্বাঞ্চলৰ এখন মনোমোহা ৰাজ্য মিজোৰাম। আন ৰাজ্যৰ তুলনাত অতি শান্তপ্ৰকৃতিৰ ৰাজ্য খনে শেষতীয়াকৈ গঢ়িছে এক অভিলেখ। দেশৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ বায়ুৰ মানদণ্ডৰ চহৰৰ তালিকাত শীৰ্ষ স্থান অধিকাৰ লাভ কৰিবলৈ সক্ষম হৈছে মিজোৰামৰ আইজল চহৰ খনে।

কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে ১৩২ খন ভাৰতীয় চহৰৰ মাজত চলোৱা এক সমীক্ষাত এই তথ্য জনা যায়। মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাই টুইট যোগে এই খবৰ প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী গৰাকীয়ে লিখে যে “বায়ু গুণগত মানদণ্ডৰ ১৩ সংখ্যাৰে অসমান্য সূচকৰ সৈতে আইজল হৈছে বিগত ২৪ ঘণ্টাত সৰ্বশ্ৰেষ্ঠ বায়ু মানদণ্ডৰ সৈতে ৰেকৰ্ড গঢ়া শীৰ্ষ ভাৰতীয় চহৰ। এই বাতৰিয়ে সমগ্ৰ উওৰ-পূবৰ বাবে কঢ়িয়াই আনিছে সুখবৰ।

AizawlDA News PlusMizoram
Comments (0)
Add Comment