সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা এ বি ডি ভিলিয়াৰ্ছৰ

ডিজিটেল ডেস্ক: শুকুৰবাৰে দক্ষিণ আফ্ৰিকাৰ কিংবদন্তী ক্ৰিকেটাৰ এ.বি ডি ভিলিয়াৰ্ছে  সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰে। দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন অধিনায়ক এ বি ডি ভিলিয়াৰ্ছে ছ’চিয়েল মিডিয়াৰ জৰিয়তে এই কথা সদৰি কৰিছে।

২০১৮ চনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল যদিও আই পি এলত তেওঁৰ দপদপনি অব্যাহত আছিল। কিন্তু এই ঘোষণাৰ লগে লগে আই পি এল দল, ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ সৈতেও তেওঁৰ সম্পৰ্ক সমাপ্ত হয়। ডি ভিলিয়াৰ্ছে ২০১১ চনত আৰ.চি.বিত যোগদান কৰে আৰু সফলতা অৰ্জন কৰে।

উল্লেখযোগ্য যে, ডি ভিলিয়াৰ্ছে সকলো ফৰ্মেটৰ  মুঠ ৭৪৪ খন মেচত ৩১২৩৬ ৰাণ সংগ্ৰহ কৰে। RCB পাঁচবাৰ আই পি এল প্লে অফত উপনীত হোৱাৰ ক্ষেত্ৰত ডি ভিলিয়াৰ্ছে  গুৰুত্বপূৰ্ণ ভূমিকা লয়।

এই সন্দৰ্ভত টুইটাৰৰ যোগে ডি ভিলিয়াৰ্ছে জনাই যে, “It has been an incredible journey, but I have decided to retire from all cricket. Ever since the back yard matches with my older brothers, I have played the game with pure enjoyment and unbridled enthusiasm. Now, at the age of 37, that flame no longer burns so brightly”

AB de VilliersCricketDA News Plus
Comments (0)
Add Comment