ৰাস উপভোগ কৰিবলৈ মাজুলীত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ডিজিটেল ডেস্ক: আজিৰে পৰা ৰাজ্যজুৰি  অনুষ্ঠিত হৈছে ৰাস মহোৎসৱ। ৰাসৰ প্ৰাণকেন্দ্ৰ মাজুলীত এতিয়া উদুলি মুদুলি পৰিৱেশ। বৃহস্পতিবাৰে মাজুলীত উপস্থিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। প্ৰথমবাৰৰ বাবে মাজুলীত ৰাস উপভোগ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীয়ে মাজুলীত চাৰিখনকৈ ৰাস উপভোগ কৰাৰ লগতে জকাইবোৱা গাঁৱৰ কিৰণ পায়েঙৰ ঘৰত নিশা কটাব। 

নদীদ্বীপ মাজুলীৰ কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰাৰ লগতে অসমৰ সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ ক্ষেত্ৰও পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ লগতে যোৱা ৮ ছেপ্টেম্বৰত সংঘটিত নিমাতীঘাটৰ নাও দুৰ্ঘটনাৰ পীড়িতসকলক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰা ৫০ গৰাকী সাহসী লোকক কৃতজ্ঞতাৰ চিনস্বৰূপে ২৫ হাজাৰ টকাৰ চেক প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। তদুপৰি মাজুলীৰ ৫৯খন ৰাস মহোৎসৱ আয়োজক সমিতিক ৫০ হাজাৰ টকাৰ বিত্তীয় সাহায্য প্ৰদান কৰাৰ লগতে অহা বছৰৰ পৰা মাজুলীৰ ৰাস মহোৎসৱক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলাই তোলাৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিব বুলিও মত প্ৰকাশ কৰে।

Chief MinistDA NewsHimanta BiswaMajuliRakh
Comments (0)
Add Comment