প্ৰাক্তন মিছ কেৰালাৰ মৃত্যু গোচৰত প্ৰমাণ ধ্বংস কৰাৰ বাবে ৬ জনক গ্ৰেপ্তাৰ

 

ডিজিটেল ডেস্ক: ১ নৱেম্বৰ ৰ নিশা কেৰালাৰ কোচিত সংঘটিত গাড়ী দুৰ্ঘটনাত “মিছ চাউথ ইণ্ডিয়া” আনচি কাবিয়েৰ আৰু “মিছ কেৰালা ২০১৯”ৰ ৰানাৰ-আপ অঞ্জনা শজনকে ধৰি তিনিজন লোকৰ মৃত্যুৰ তদন্ত কৰি থকা সময়ত আৰক্ষীয়ে বুধবাৰে কোচিৰ এখন হোটেলৰ পৰা মালিক আৰু তেওঁৰ পাঁচজন কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰে।

ফৰ্ট কোচিৰ “১৮ নং হোটেল”ৰ গৰাকী ৰয় জে ভায়ালাত আৰু পাঁচজন হোটেল কৰ্মচাৰীক দুৰ্ঘটনা আৰু মৃত্যুৰ সন্দৰ্ভত বিচৰা গুৰুত্বপূৰ্ণ ডিজিটেল প্ৰমাণ ধ্বংস কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয়। নিহত লোককেইজন ১ নৱেম্বৰৰ নিশা গাড়ী দুৰ্ঘটনাৰ আগতে হোটেলৰ এটা কাৰ্যসূচীত অংশ গ্ৰহণ কৰিছিল। অভিযোগ অনুসৰি ৰয়ৰ নিৰ্দেশনা অনুসৰি, হোটেলৰ কৰ্মচাৰীসকলে ডিজিটেল প্ৰমাণ ধ্বংস কৰে, যাৰ ভিতৰত আছে হোটেলত নিহত সকলে অংশগ্ৰহণ কৰা ডি জে পাৰ্টিৰ চিচিটিভি ভিজুৱেল।

AccidentDA News PlusHotelMiss Kerela
Comments (0)
Add Comment