আমেৰিকান নাগৰিকক উত্তৰ-পূব ভাৰত ভ্ৰমণ নকৰিবলৈ পৰামৰ্শ, কিন্তু কিয়?

ডিজিটেল ডেস্ক: আমেৰিকা যুক্তৰাষ্ট্ৰৰ দূতাবাসে আমেৰিকান নাগৰিকসকলৰ বাবে জাৰি কৰিছে ভ্ৰমণ পৰামৰ্শ। নতুন দিল্লীত থকা আমেৰিকা যুক্তৰাষ্ট্ৰৰ দূতাবাসে আমেৰিকান নাগৰিকসকলক “জাতিগত বিদ্ৰোহী গোটৰ হিংসাৰ” বাবে উত্তৰ-পূৱ ভাৰত ভ্ৰমণৰ বিষয়ে পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনাইছে।

পৰামৰ্শ অনুসৰি ভাৰতলৈ যোৱা সকলে অপৰাধ আৰু সন্ত্ৰাসবাদৰ বাবে সাৱধানতা অৱলম্বন কৰা উচিত। উত্তৰ-পূৱত বাছ, ৰে’ল আৰু বজাৰৰ স্থানত বোমা বিস্ফোৰণৰ দৰে জাতিগত বিদ্ৰোহী গোটৰ দ্বাৰা মাজে মাজে হিংসাত্মক কাৰ্য্য সংঘটিত হয়।আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰী কৰ্মচাৰীসকলক কলকাতাৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ কনচুলেট জেনেৰেলৰ পৰা বিশেষ অনুমোদন অবিহনে অসম, অৰুণাচল প্ৰদেশ, মিজোৰাম, নাগালেণ্ড, মেঘালয়, ত্ৰিপুৰা আৰু মণিপুৰ ৰাজ্যলৈ ভ্ৰমণ কৰিবলৈ নিষেধ কৰা হৈছে।

ভাৰতীয় কৰ্তৃপক্ষই জনাইছে যে, ধৰ্ষণ হৈছে ভাৰতৰ দ্ৰুততম বৰ্ধিত অপৰাধবোৰৰ ভিতৰত এটা। যৌন নিৰ্যাতনৰ দৰে হিংসাত্মক অপৰাধ পৰ্যটনস্থলী আৰু অন্যান্য স্থানত সংঘটিত হৈছে। সন্ত্ৰাসবাদীয়ে সামান্য বা কোনো সতৰ্কবাণী নিদিয়াকৈ পৰ্যটন স্থল, পৰিবহন কেন্দ্ৰ, বজাৰ/শ্বপিং মলসমূহত আক্ৰমণ কৰিব পাৰে। সেইবাবে আমেৰিকাই ভাৰত আৰু পাকিস্তান ভ্ৰমণৰ বাবে  আমেৰিকান নাগৰিকসকলৰ বাবে স্তৰ ২ আৰু স্তৰ ৩ ভ্ৰমণ পৰামৰ্শ জাৰী কৰিছে।

AmericaDA News PlusIndiaNorth East
Comments (0)
Add Comment