সোণাপুৰৰ তেতেলীয়াত অসম ৰাজ্যিক ৰোড চাইক্লিং প্ৰতিযোগিতা

ডিজিটেল ডেস্কঃ সোণাপুৰৰ তেতেলীয়াত আৰম্ভ হৈছে চাইক্লিং প্ৰতিযোগিতা ৷ অসম চাইক্লিং সন্থাৰ উদ্যোগত সোণাপুৰৰ চাকনিবাৰীৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ এটা অংশত বুধবাৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈছে Asssam state Road Cycling championship 2021৷

ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা অংশ গ্ৰহণ কৰা শতাধিক প্ৰতিযোগীৰ উপস্থিতিত অনুষ্ঠিত প্ৰতিযোগিতাখন বুধবাৰৰ পুৱা উদ্বোধন কৰে ক্ৰীড়া মন্ত্ৰী বিমল বৰা আৰু পবিত্ৰ মাৰ্ঘেৰিটাই ৷ এই প্ৰতিযোগিতাত যোগ্যতা অৰ্জন কৰা খেলুৱৈসকলে কুৰুক্ষেত্ৰত অনুষ্ঠিত হ’ব লগীয়া চাইক্লিঙৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰিব ৷ ইতিমধ্যে এই প্ৰতিযোগিতাৰ পূৰ্বে অসম চাইক্লিং সন্থাৰ তৰফৰ পৰা সোণাপুৰৰ LNIPEত প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰা হয় ৷

DA News Plus
Comments (0)
Add Comment