জম্মু-কাশ্মীৰ কংগ্ৰেছৰ কেইবাজনো নেতাৰ পদত্যাগ

ডিজিটেল ডেস্ক: জম্মু-কাশ্মীৰৰ কেইবাজনো কংগ্ৰেছী নেতাৰ পদত্যাগ। কেন্দ্ৰীয় শাসিত অঞ্চলটোত বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পূৰ্বেই কেইবাজনো জ্যেষ্ঠ নেতাই এৰিলে দল। ৰাজ্যসভাৰ বিৰোধী দলৰ প্ৰাক্তন নেতা গুলাম নবী আজাদৰ ঘনিষ্ঠ কমেও ২০জন জ্যেষ্ঠ কংগ্ৰেছ নেতাই দলৰ পৰা পদত্যাগ কৰিছে। পদত্যাগ কৰা চাৰিজন প্ৰাক্তন মন্ত্ৰী আৰু তিনিজন প্ৰাক্তন বিধায়ককে ধৰি আন নেতাসকলে কেন্দ্ৰীয় শাসিত অঞ্চলটোত দলীয় নেতৃত্ব সলনি কৰাৰ দাবী জনাইছে।

দলৰ নেতৃত্বৰ বিদ্বেষপূৰ্ণ মনোভাৱৰ বাবেই কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰিবলৈ বাধ্য হৈছে বুলি পদত্যাগ পত্ৰত  অভিযোগ উত্থাপন কৰিছে।  ইয়াৰোপৰি  বিভিন্ন অভিযোগৰ বাবে দলৰ হাইকমাণ্ডৰ সহায় বিচাৰিছিল যদিও দলৰ শীৰ্ষ নেতৃত্বই কোনোধৰণৰ গুৰুত্ব নিদিয়াৰো অভিযোগ উত্থাপন কৰিছে। 

পদত্যাগ কৰা সকলৰ ভিতৰত আছে প্ৰাক্তন মন্ত্ৰী জি এম চাৰুৰী, বিকাৰ ৰছুল, ড০ মনোহৰ লাল শৰ্মাকে আদি কৰি কেইবাজনো জ্যেষ্ঠ নেতা।

CongressDA News PlusJammu and Kashmir
Comments (0)
Add Comment