ভাৰতৰ সৈতে সীমান্ত যুদ্ধত লিপ্ত চীন : US চিনেটৰ

ডিজিটেল ডেস্ক : ভাৰত আৰু দক্ষিণ পূব এছিয়া ভ্ৰমণৰ বিৱৰণ দি ৰিপাব্লিকান আইন প্ৰণেতা জন কৰ্নিনে আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিনেটক দাবী উত্থাপন কৰিছে যে, চীনে ভাৰতৰ সৈতে সীমান্ত যুদ্ধত লিপ্ত হৈ আছে আৰু চুবুৰীয়া ৰাষ্ট্ৰসকলৰ বাবে ই এক গুৰুতৰ ভাবুকি সৃষ্টি কৰিছে।

চিনেটৰ ইণ্ডিয়া ককাচৰ (Senate’s India Caucus) সহ-অধ্যক্ষ কৰ্নিনে বিগত সপ্তাহত ভাৰত আৰু দক্ষিণ এছিয়ালৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ কংগ্ৰেছৰ এটা প্ৰতিনিধি দলৰ নেতৃত্ব দিয়াৰ পিছতেই এই মন্তব্য কৰিছে।

লগতে কৰ্নিনে উল্লেখ কৰে যে, তেওঁলোকে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে চীনৰ দ্বাৰা উদ্ভৱ হোৱা ভাবুকিৰ লগতে অন্যান্য অংশীদাৰী অগ্ৰাধিকাৰৰ বিষয়সমূহ ইতিমধ্যে আলোচনা কৰিছে

Border ConflictChinaDa News pIndiaUS Senator
Comments (0)
Add Comment